মাজুলীক জাবৰৰ সৈতে তুলনা : ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী মাজুলী ছাত্র সন্থাৰ

মাজুলীক জাবৰৰ সৈতে তুলনা : ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী মাজুলী ছাত্র সন্থাৰ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান, ঐতিহ্যৰে ভৰপূৰ তথা জৈৱ-বৈচিত্ৰ্যৰ প্ৰতীক মাজুলীক ছ'চিয়েল মিডিয়া ফেচবুকৰ জৰিয়তে জাবৰ বুলি তাচ্ছিল্যসূচক বিৰূপ মন্তব্য কৰি মাজুলীবাসীৰ ৰোষত পৰিছে মুখ্য মন্ত্ৰীগৰাকীৰ মাজুলীৰ প্ৰতিনিধি ৰমেন দত্তৰ পত্নী তৰালী দত্ত ।

মুখ্য মন্ত্ৰীৰ প্ৰতিনিধিৰ পত্নীয়ে কৰা এই বিতৰ্কিত মন্তব্যক লৈ এতিয়া সমগ্র মাজুলীতে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সময়তে মাজুলীবাসীৰ লগতে মাজুলী মহকুমা ছাত্ৰ সন্থাই জাঙুৰ খাই উঠিছে ।

সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাৰ লগতে বিভিন্ন দল-সংগঠনে একেমুখে গৰিহণা দিয়ে । উল্লেখ্য যে ফেচবুকৰ জৰিয়তে মহিলাগৰাকীয়ে বিজেপি চৰকাৰ অহাৰ আগত মাজুলীবাসী এক নলাৰ জাবৰ আছিল বুলি উল্লেখ কৰিছিল ।

ইয়াৰ সমান্তৰালভাৱে মাজুলীৰ লোকসকলক গেলি-পচি শেষ হৈ যোৱাৰ যোগ্য বুলি মন্তব্য কৰে । মাজুলী মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

তেওঁ কয়, ৰাজনীতিৰ ক্ষমতাত মত্ত হৈ ক্ষমতাৰ লোভত অন্ধ হৈ থকা দত্তই আবোল-তাবোল বলকিছে । ৰাজনৈতিকভাৱে মুখ্য মন্ত্ৰীগৰাকীয়ে কিছুমান সস্তীয়া নেতাক মাজুলীলৈ আমদানি কৰি মাজুলীত বিভিন্ন দায়িত্ব দি মাজুলীৰ সাতামপুৰুষীয়া সম্প্ৰীতি তথা পৰিৱেশ বিনষ্ট কৰিছে ।

এনে পৰিপ্ৰেক্ষিতত আমদানিকৃত সস্তীয়া নেতাসকলক মাজুলীত নিষিদ্ধ কৰিবলৈ মুখ্য মন্ত্ৰীক দাবী জনাইছে সাধাৰণ সম্পাদকগৰাকীয়ে । যদি এই দাবীৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ছাত্র সন্থাই হাত সাবটি বহি নাথাকে বুলিও সকীয়নি প্ৰদান কৰে ।

তৰালী দত্তৰ দৰে বহুবল্কীৰ বাবে মাজুলীৰ সমাজ জীৱন কলুষিত হোৱা বুলি উল্লেখ কৰি সভাপতি অজিত হাজৰিকাই কয়, ২৪ ঘণ্টাৰ ভিতৰত মাজুলীবাসীৰ ওচৰত তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ।

ইয়াৰ ব্যতিৰেকে পৰিস্থিতি বেয়া হ'ব বুলিও সকীয়নি প্ৰদান কৰে সভাপতি অজিত হাজৰিকাই ।

Your Comments