বঙাইগাঁৱত আছুৰ উদ্যোগত ছহিদ দিৱস পালন

বঙাইগাঁৱত আছুৰ উদ্যোগত ছহিদ দিৱস পালন

সমগ্ৰ ৰাজ্যৰ লগতে আজি বঙাইগাঁৱতো অসম আন্দোলনৰ ৮৫৫গৰাকী ছহিদক স্মৰণ কৰি ছহিদ দিৱস পালন কৰা হয় ৷ বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চহৰখনৰ বৰপাৰাস্থিত ছহিদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্সূচীৰে পালন কৰা ছহিদ দিৱস উপলক্ষে পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কুলজিৎ ৰায়ে ৷

ইয়াৰ পিচতে ছহিদ তৰ্পণ কৰে আঞ্চলিকৰ সাধাৰণ সম্পাদক জগদ্বীশ ৰায়ে ৷ অনুষ্ঠানত ছহিদ নৱ কুমাৰ ৰায়ৰ ভাতৃ বুদ্ধদেৱ ৰায়ক সম্বৰ্ধনা জনোৱা হয় ৷  অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাগৱত পাঠ আৰু আইসকলৰ দ্বাৰা নাম-প্ৰসংগও অনুষ্ঠিত হয় ৷

বঙাইগাঁৱত আছুৰ উদ্যোগত ছহিদ দিৱস পালন

ছহিদ দিৱসৰ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়, বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা পুলেন ৰাজবংশী, শিক্ষা সম্পাদক আব্দুল লতিফ, বঙাইগাঁও মহাবিদ্যালয় আছু গোট আৰু বীৰঝৰা মহাবিদ্যালয় আছু গোটৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

আনহাতে, সন্ধিয়া প্ৰজ্বলন কৰা হয় ৷ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক আছুৱেও ছহিদ দিৱস পালন কৰে ৷

Your Comments