লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

অৱশেষত দীৰ্ঘদিনীয়া সপোন পূৰণ হ'ল লংকাবাসীৰ ৷ বহু প্ৰতীক্ষা আৰু জল্পনা-কল্পনাৰ অন্তত মুকলি হ'ল লংকেশ্বৰী হাস্পতাল আৰু গৱেষণা         কেন্দ্ৰ ৷

হোজাই জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিং আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়    হাস্পতালখন ৷ ইফালে, হাস্পতাল মুকলি কৰাৰ লগে লগে চিকিৎসা সেৱাৰ ক্ষেত্ৰত সকাহ লাভ কৰাৰ আশাৰে উৎফুল্লিত হৈ পৰিছে বৃহত্তৰ অঞ্চলবাসী ৷

লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

উল্লেখ্য যে লংকাৰ চাৰিগৰাকীকৈ মহিলাৰ সন্মিলিত প্ৰচেষ্টাত বৃহত্তৰ লংকা অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা আগবঢ়োৱাৰ মানসেৰে মুকলি কৰা লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছৰ্চ চেণ্টাৰত অন্তঃবিভাগৰ ক্ষেত্ৰত সাধাৰণ ৱাৰ্ডৰ উপৰি বিশেষ কেবিন, আই টি ইউ আৰু নৱজাতকৰ বিশেষ যতন কক্ষ (NICU)ৰ সুবিধা থাকিব ।

তদুপৰি, চিকিৎসালয়খনত দিনটোৰ ২৪ ঘণ্টাই উপলব্ধ হ'ব জৰুৰীকালীন চিকিৎসা সেৱা, ফাৰ্মাচী, পৰীক্ষাগাৰ আৰু অন্তঃবিভাগৰ  সা-সুবিধা ৷

লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

অন্যহাতে, শিশু ৰোগ বিভাগ, প্ৰসূতি ৰোগ, শৈল চিকিৎসা, অস্থি ৰোগ, হৃদ ৰোগৰ চিকৎসা সেৱা উপলব্ধ থকাৰ লগতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা, এক্স-ৰে', আল্ট্ৰাছাউণ্ডৰ উন্নতমানৰ সুবিধা থাকিব বুলি হাস্পতাল কৰ্তৃপক্ষই জনাইছে ৷ 

লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

ইফালে, হাস্পতালখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি লংকাবাসী ৰাইজে এক দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলি আনন্দত উৎফুল্লিত হৈ    পৰিছে ৷

লংকাবাসীৰ বাবে সু-খবৰ : মুকলি হ'ল লংকেশ্বৰী হস্পিটেল এণ্ড ৰিছাৰ্চ চেণ্টাৰ

উল্লেখ্য যে সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা লংকেশ্বৰী হাস্পতালত আগন্তুক নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা চিকিৎসা প্ৰদান আৰম্ভ কৰা হ'ব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিছে |

Your Comments