মানৱাধিকাৰ দিৱস উপলক্ষে বেলতলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

মানৱাধিকাৰ দিৱস উপলক্ষে বেলতলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ দিৱস উপলক্ষে আজি ইণ্টাৰনেচনেল হিউমেন ৰাইট্‌ছ এণ্টি-ক্ৰাইম অৰ্গেনাইজেচনৰ গুৱাহাটী শাখাৰ উদোগত মহানগৰীৰ বেলতলা ছাৰ্ভেস্হিত ড্ৰীমছ ক্ৰীয়েছনত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় ৷

 তদুপৰি, উক্ত অনুষ্ঠানত উপস্থিত থাকি মানৱাধিকাৰ সন্দৰ্ভত বক্তব্য ৰাখে হিউমেন ৰাইট্‌ছ এণ্টি-ক্ৰাইম অৰ্গেনাইজেচনৰ ৰাজ্যিক সম্পাদক মইনুল হুছেইনে ৷

মানৱাধিকাৰ দিৱস উপলক্ষে বেলতলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

উক্ত অনুষ্ঠানৰ মুখ্য সহযোগী হেল্থ ডি এন এৰ হৈ বক্তব্য ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰকল্প প্ৰমুখ মনালিছা গগৈয়ে ৷ ড্ৰীমছ ক্ৰিয়েচনৰ অধ্যক্ষা ডঃ পাৰুমিতা চক্ৰৱৰ্তীয়ে হেল্থ ডি এন এ আৰু ইণ্টাৰনেচনেল হিউমেন ৰাইট্‌ছ এণ্টি-ক্ৰাইম অৰ্গেনাইজেচনৰ এই পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ৷

মানৱাধিকাৰ দিৱস উপলক্ষে বেলতলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত মুম্বাইৰ নানাৱতী হাস্পতালৰ ডাঃ সুনীল ডালৱায়ে শিশু আৰু মানসিক স্বাস্থ্যৰ ওপৰত বক্তব্য ৰাখে ৷

মানৱাধিকাৰ দিৱস উপলক্ষে বেলতলাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

আনহাতে, হিউমেন ৰাইট্‌ছৰ হৈ ৰাজ্যিক সভাপতি শশাংক ভৰত, কামৰূপ জিলাৰ সভাপতি পুৰুষোত্তম বানছাল, হেল্থ ডি এন এৰ হৈ পূজন শইকীয়া, ধীৰু গগৈ উপস্থিত থাকে বুলি সংগঠনৰ প্ৰচাৰ সচিব যোগেশ মজুমদাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে ৷

Your Comments