ৰহাৰ পৰা কুঞ্জ কাকতি
এটি ১২ বছৰীয়া শিশু । শিশুটি সপ্তম শ্ৰেণীত অধ্যয়নৰত । এই বয়সৰ শিশুৱে যি সময়ত সমনীয়াৰ স'তে ল'ৰালি উপভোগ কৰে, সেই সময়ত এই শিশুটি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিছে ।
শিশুটিৰ নাম সুমন বৰা । ৰহাৰ ৰহঢলাৰ তপন বৰা আৰু প্ৰণিতা বৰাৰ একমাত্ৰ পুত্ৰ সুমন আক্ৰান্ত হৈছে এক জটিল ৰোগত । দুমাহমানৰ আগতে সুমন সঘনে অসুস্থ হৈ পৰাত পিতৃ-মাতৃয়ে প্ৰথমে নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰায় ।
কিন্তু সুমন সুস্থ নোহোৱাত চিকিৎসকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত সুমনৰ তেজত মাৰাত্মক কৰ্কট ৰোগৰ বীজাণু ধৰা পৰে । তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে সুমন ।
লগে লগে সৰগ ভাগি পৰিল সুমনৰ পিতৃ-মাতৃৰ মূৰত । এটা জৰাজীৰ্ণ পঁজাত বাস কৰি দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়াটোৱে সুমনৰ চিকিৎসাৰ বাবে ইমান টকা পাব ক'ত ? পৰীক্ষা-নিৰীক্ষা কৰোঁতেই ইতিমধ্যে সকলো শেষ ।
বিক্ৰী কৰিবলৈও নাই মাটি-সম্পত্তি । সুমনৰ এনে অৱস্থা আৰু পিতৃ-মাতৃৰ দুৰৱস্থা দেখি কান্দি উঠিছে ৰহঢলাৰ সকলো লোক । ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলো ওলাই আহিছে সুমনৰ বাবে ।
দিনটো কামৰ পিছত সন্ধিয়া সকলো অঞ্চলটোৰ ঘৰে ঘৰে যায় সুমনৰ বাবে সহায়ৰ হাত বিচাৰি । পাৰ্যমানে সকলোৱে দিছে ধন । আনকি সুমনে পঢ়ি থকা বিদ্যালয়ৰ লগতে স্থানীয় অন্য বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়েও আগবঢ়াইছে নগদ ধন ।
তথাপি পৰ্যাপ্ত হোৱা নাই সুমনৰ চিকিৎসাৰ খৰচ । চৰকাৰ তথা স্বাস্থ্য বিভাগৰ পৰাও লাভ কৰা নাই কোনো সুবিধা । এইবাৰ গাঁওবাসী কাষ চাপিছে সংবাদ মাধ্যমৰ । জানোচা সুমনৰ কৰুণ কাহিনী শুনি কোনো লোকে সহায়ৰ হাত আগবঢ়ায় ।
সেই আশাৰে সকলো আহিছে শিশুটিৰ বাবে । লগতে কোনো মানৱ দৰদী লোকে সুমনৰ চিকিৎসাৰ বাবে ধন দিব খুজিলে ভাৰতীয় ষ্টট বেংকৰ 34198465333 একাউণ্ট নম্বৰত ধন জমা দিবলৈ অনুৰোধ জনাইছে ।
আহক সুমনৰ আৰোগ্য সকলোৱে সহায় কৰো । ৰাইজৰ এনে সহমৰ্মিতাত মৰমলগা শিশুটি সুস্থ হৈ উঠক । তাৰে কামনা সকলোৰে ।
- Log in to post comments
- 16 views