ক'লা ধানৰ খেতিৰে কম মাটিতে নিজকে স্বাৱলম্বী কৰাৰ প্ৰয়াস

ss

আঘোন মানেই কৃষকৰ সপোনে পোখা মেলাৰ বতৰ ৷ সোণগুটিৰ পথাৰত ৰিবৰিব মলয়াত হালি জালি নাছিছে লাহি-শালি ধানৰ ঠোক ৷ পকা ধানে ৰিঙিয়াই মাতিছে দাৱনিক ৷ হেঁপাহৰ আঘোনে আনিছে চহা খেতিয়কৰ অযুত আশাৰ সম্ভাৱনা ৷ ইয়াৰ মাজতে লখিমপুৰৰ জিলাৰ নাৰায়ণপুৰৰ বছাপুখুৰীত Black Rice অৰ্থাত ক’লা ধানৰ খেতি কৰি অন্য এক আশাৰ বতৰা কঢ়িয়াইছে এজন খেতিয়কে ৷ খেতিয়কজনৰ নাম ভুৱন লিগিৰা ৷ চিকিৎসা বিজ্ঞানৰ মতে বহু ঔষধি গুণ থকা এই বিধ ক’লা ধানে কেন্সাৰ, কলেষ্টৰেল আদি বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে ৷ ধানবিধৰ প্ৰতি আকৰ্ষণ বাঢ়িল লিগিৰাৰ ৷ আৰু সংগ্ৰহ কৰি আনিলে ধানৰ বীজ ৷ প্ৰতি কেজিত প্ৰায় ৪০০ টকাকৈ আৰু পৰীক্ষামূলকভাবে প্ৰায় ২ বিঘা মাটিত কৰিলে এই ধানৰ খেতি ৷

আশা কৰা মতেই এতিয়া ফচল পাইছে লিগিৰাই ৷ কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই খেতিয়কজনে ৷ আনকি পানী যোগানৰো কোনো ব্যৱস্থা নাই ৷ কৃষি বিভাগেও কোনো ধৰণৰ সহায় বা পৰামৰ্শ দিয়া নাই ৷ গতানুগতিক ধৰণৰেই কৰিছে এই ক’লা ধানৰ খেতি ৷ পৰিশ্ৰমৰ ফল দিছে ধানবিধেও ৷ প্ৰতিকেজি চাউল ৬০০-৮০০ টকা পৰ্যন্ত বিক্ৰী হোৱা মূল্যৱান তথা ঔষধি গুণসম্পন্ন এই ক’লা ধান বিঘাত ১৫-১৬ মোনকৈ উৎপাদন হ’ব বুলি আশা কৰিছে ৷ ইয়াৰ লগে লগে অধিক উৎসাহী হৈ উঠিছে খেতিয়কজন ।

অহা বছৰ অধিক মাটিত এই ধানৰ খেতি কৰাৰ বাবে সাজু হৈছে তেওঁ ৷ উল্লেখ্য যে উপযুক্ত পানীৰ ব্যৱস্থা কৰিলে আৰু কৃষি বিভাগৰ সহায়-সহযোগিতা পালে অধিক উৎপাদন হোৱাৰ আশা আছে ৷ খেতিয়কজনক লাগে কৃষি বিভাগৰ সহযোগ ৷ মাত্র দুবিঘা নিজৰ মাটিৰ লগতে আনৰ মাটি আধি লৈ খেতি কৰি পাঁচজনীয়া পৰিয়াল পোহপাল দিয়া ভুবন লিগিৰাক দেখি এতিয়া আন খেতিয়কো সাজু হৈছে এই ক’লা ধানৰ খেতি কৰিবলৈ ৷ 

Your Comments