আজি পুৱাৰে পৰা নতুন দিল্লীৰ যন্তৰ-মন্তৰত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অনিৰ্দিষ্টকালীন অনশনত বহিছে ৭০টা সংগঠন ৷ অখিল গগৈ আৰু পলাশ চাংমাইৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ ৭০টা জাতীয়-জনগোষ্ঠীয় সংগঠনে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
তেওঁলোকৰ দাবী, অহা ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া সংসদৰ শীতকালীন অধিবেশনত কেন্দ্ৰীয় চৰকাৰে বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি ইয়াক বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰক ৷
অনশনস্থলীত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সংগঠনকেইটাই তীব্ৰ সমালোচনা কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে লোৱা পদক্ষেপক ধিক্কাৰ দিয়ে ৷
প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ মুৰ্দাবাদ, মোডী-সোণোৱাল চৰকাৰ হুঁচিয়াৰ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব আদি বিভিন্ন শ্লোগানেৰে দিল্লীৰ আকাশ কঁপাই তোলে ৷
সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত অখিল গগৈয়ে স্পষ্ট ভাষাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব বুলি উল্লেখ কৰি এই আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলনৰ কাৰ্যসূচী চলাই নিয়াৰ হুংকাৰ দিয়ে ৷
- Log in to post comments
- 8 views