মৰিগাঁৱত তীৰ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান আৰক্ষীৰ, এজন গ্ৰেপ্তাৰ

s

মৰিগাঁৱৰ পৰা জিতুমনি নাথ

মৰিগাঁৱত  সামাজিক ব্যাধি হিচাপে চিহ্নিত তীৰ খেল, অবৈধ সুৰা ব্যৱসায় আদিৰ বিৰুদ্ধে সম্প্ৰতি মৰিগাওঁ আৰক্ষীয়ে অভিযান ব্যাপক কৰি তুলিছে। একাংশ ব্যক্তিয়ে অতি সংগোপনে মৰিগাঁও আৰক্ষী প্ৰশাসনৰ জ্ঞাত কিম্বা অজ্ঞাতে  দীৰ্ঘদিনে চলাই অহা এই অবৈধ ব্যৱসায় সমূহৰ বিৰুদ্ধে মৰিগাওঁ আৰক্ষীয়ে  অভিযান তীব্ৰতৰ কৰি তুলাত এক প্ৰকাৰে আতংকত ভূগিব লগাত পৰিছে এই সমুহ কলা ব্যৱসায়ীৰে।

আৰক্ষীয়ে চলাই থকা এই অভিযানৰ মাজতে আজি আবেলি মৰিগাঁও নগৰৰ পচতীয়াৰ পৰা এজন তীৰ খেলৰ বুকিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মৰিগাঁৱত তীৰ খেল চলাই থকা  অবৈধ ব্যৱসায়ী সকলৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত তীৰ খেলৰ বুকি জন হৈছে নিৰ্মল খাচ নবিচ। মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথৰ নেতৃত্ব চলি থকা আৰক্ষীৰ  অভিযান কালত তীৰ খেলৰ বুকি জনৰ পৰা তীৰ খেলৰ টিকত আৰু নগদ ধন জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ 

Your Comments