মৰিগাঁৱৰ পৰা জিতুমনি নাথ
হিমালয়ান প্ৰকৃতি শিক্ষন কেন্দ্ৰ অসমৰ উদ্যোগত আজি মৰিগাঁৱৰ নেলী হৰ্ণ বিল পাৰ্কত অনুষ্ঠিত হয় এক সজাগতা অনুষ্ঠান । অনুষ্ঠানত জৈৱ বৈচিত্ৰতাৰ সংৰক্ষন তথা সজাগতা বৃদ্ধি আৰু প্ৰাকৃতিক সম্পদৰ বহনক্ষম উপযোগিতাৰ সন্দৰ্ভত কৰ্মশালা আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ব্যৱস্থা কৰে হিমালয়ান প্ৰকৃতি শিক্ষন কেন্দ্ৰই ।
নগাওঁ ডি এফ অ সুভাষ দাসে শুভাৰম্ভ কৰা সজাগতা শিবিৰটোত কলিয়াবৰৰ পশ্চিম পূৱথৰিয়া হাই স্কুল আৰু নেলীৰ বৰপায়ক হাইস্কুলৰ প্ৰায় ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক উক্ত সজাগতা অনুষ্ঠানত প্ৰকৃতি সংৰক্ষনৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়োৱা হয় । বিশেষকৈ স্কুলীয়া জীৱনৰ পৰাই প্ৰকৃতি সংৰক্ষনৰ লগতে বন্যপ্ৰানী সংৰক্ষনৰ হেঁপাহ জগাই তোলাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে হিমালয়ান প্ৰকৃতি শিক্ষন অসমৰ প্ৰ'গেম কৰডিনেটৰ কুইন শৰ্মাই ।
অনুষ্ঠানত ৰাজ্যত সঘনাই বৃদ্ধি পাই অহা হাতি মানুহৰ সংঘাত ৰোধ, বন্যপ্ৰানী সংৰক্ষন, মহিলা সৱলিকৰণ আদি বিভিন্ন দিশত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আগবঢ়ায় ধৰমতুল বনাঞ্চলিক বিষয়া জিনাল বৰদলৈয়ে।
- Log in to post comments
- 17 views