নিয়োগ সংবাদ

নিয়োগ সংবাদ

পৰিবহণ বিভাগত  ৫৩টা পদঃ

অসম চৰকাৰৰ পৰিবহণ বিভাগত ৫৩টা পদ পূৰণ কৰিব। কনিষ্ঠ সহায়ক, ষ্টেনোগ্ৰাফাৰ, কম্পিউটাৰ সহায়ক, এছিষ্টেণ্ট এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ, এনফ’ৰ্চমেণ্ট চেকাৰ পদত নিযুক্তি হ’ব। আবেদন-পত্ৰ জমা দিয়াৰ অন্তিম দিন ১৬ আগষ্ট।

astc

সশস্ত্ৰ আৰক্ষী বাহিনীত কনিষ্টবলঃ

৫৪,৯৫৩টা কনিষ্টবল পদ পূৰণ কৰিব সশস্ত্ৰ আৰক্ষী বাহিনীত। লিখিত আৰু শাৰীৰিক পৰীক্ষাৰ যোগেদি উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব। ২০ আগষ্টৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব।http://ssc.nic.in ৱেবছাইটৰ সহায় ল’ব পাৰে।


অভাৰছীজ বেংকত বিষয়াৰ ২০টা পদঃ

ইণ্ডিয়ান অভাৰচীজ বেংকত বিষয়াৰ ২০টা খালীপদ পূৰণ কৰিব। ৪ আগষ্টৰ ভিতৰত অনলাইন আবেদন কৰিব লাগিব  www.job.in লগ-অন কৰিব পাৰে। লিখিত পৰীক্ষা হ’ব। ন্যূতম ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।

bavk

ৰিজাৰ্ভ বেংকত ৩০টা পদঃ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বিভিন্ন বিভাগত ৩০টা পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী চিভিল ইঞ্জিনীয়াৰিং বিষয়ত ৬০ শতাংশ নম্বৰসহস্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব ৬টা মেনেজাৰ (টেকনিকেল চিভিল)পদৰ বাবে। আবেদনৰ অন্তিম দিন ৯ আগষ্ট। ৯ ছেপ্টম্বৰত পৰীক্ষা। http://rbidocs.rbi.org.in চাব পাৰে।

অইল ইণ্ডিয়া লিমিটেডত ৭টা পদঃ

অইল ইণ্ডিয়াত ৭টা ঠিকাভিত্তিক পদ পূৰণ কৰিব। জিঅ’কজিষ্টৰ ২টা, এইচ এছ ই অফিচাৰৰ ২টা, কেমিষ্টৰ ২টা, লেইছন অফিচাৰৰ ১টা পদ। সবিশেষ ৱেবছাইট www.oil_india.comৰ সহায় ল’ব পাৰে।

বিমানবন্দৰ প্ৰাধিকৰণত ১১৯টা পদঃ

বিমানবন্দৰ প্ৰাধিকৰণত ১১৯টা কনিষ্ঠ সহায়ক পদ পূৰণৰ ব্যৱস্থা। ৬ আগষ্টৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। ৱেবছাইট http://www.aai.aero/encareers/recruitment ৰ সহায় ল’ব পাৰে।

কলিয়াবৰ কলেজত ৯টা পদঃ

কলিয়াবৰ কলেজত ৭টা সহকাৰী অধ্যাপকৰ পদ আৰু ২টা অনা-শিক্ষকৰ পদ পূৰণ কৰিব। ২৮ জুলাইৰ ভিতৰত আবেদন বিচৰা হৈছে। ৱেবছাইট www.kaliaborcollege.orgৰ পৰা জানিব পাৰিব।

এছ বি এম এছ মহাবিদ্যালয়ত ৭টা পদঃ

শুৱালকুছিৰ এছ বি এম এছ মহাবিদ্যালয়ত ঠিকাভিত্তিত ৭টা পদ পূৰণ কৰিব। ২৫ জুলাইৰ ভিতৰত আবেদন কৰিব লাগিব। ৱেবছাইট www.sbmscollege.orgৰ সহায় ল’ব পাৰে।

আমাৰ মন্তব্য

নিয়োগ সম্পৰ্কীয় বাতৰিসমূহ অসমৰ যুৱক-যুৱতীৰ সহায় হোৱাকৈ বিভিন্ন ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা। সংশ্লিষ্ট ক্ষেত্ৰসমূহে সময়ত এই তথ্য সালসলনিও কৰিব পাৰে। আমি প্ৰাথমিক বাতৰি হিচাপে আগবঢ়োৱা তথ্যসমূহৰ ক্ষেত্ৰত বিসংগতি থাকিলে নিউজ এএছএন দায়বদ্ধ নহয়।

Your Comments