নগাঁৱৰ জাজৰিৰ সুভাষ গোস্বামীৰ ভূটানত ৰহস্যজনক মৃত্যু

২

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা 
নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সৰবৰহী ব্যক্তি তথা ভূটানস্থিত গেমন ইণ্ডিয়াৰ মাংচু হাইড্ৰো ইলেকট্ৰিক পাৱাৰ প্ৰজেক্টত ফ’ৰমেন হিচাপে কৰ্ম সম্পাদন কৰি থকা সুভাষ চন্দ্ৰ গোস্বামীৰ কালি ৰহস্যজনকভাৱে এক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি কোম্পানীটোৰ তৰফৰ পৰা জানিবলৈ দিয়ে । 

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জানিব দিয়ে যে ২০ ছেপ্টেম্বৰত ভূটানস্থিত গেমন ইণ্ডিয়াৰ মাংচু হাইড্ৰইলেকট্ৰিক পাৱাৰ প্ৰজেক্টত ফ’ৰমেন ৰূপে যোগদান কৰা সুভাষ গোস্বামী (৪০)ৰ কৰ্মস্থলীতে এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি ফোন যোগে পৰিয়ালৰ লোকক জনায় কোম্পনীটোৰ এজন বিষয়াই ৷


 বিষয়াজনে জনোৱা অনুসৰি, বৃহস্পতিবাৰে বিয়লি ভাগত নিজৰ কৰ্ম সম্পাদনৰ বাবে চিৰিৰে ওপৰ মহলালৈ গৈ থকাৰ সময়তে দুভাগ্যবশতঃ পিছলি গৈ কেইবা মিটাৰ উচ্চতাৰ পৰা তললৈ সৰি পৰে গোস্বামী। ঠিক সেই সময়তে কোম্পানীটোৰ এখন চলন্ত গাড়ীয়ে মহটিয়াই নিয়াত কৰুণ মৃত্যুক সাৱটি লয় গোস্বামীক । গোস্বামীৰ মৃত্যুৰ খবৰটো পৰিয়ালটোৰ কোনেও সহজভাৱে ল’ব পৰা নাই। বাতৰি লিখা পৰলৈকে গোস্বামীৰ মৃতদেহ ভূটানৰ পৰা গেমন কোম্পানীৰ এম্বুলেন্সযোগে লৈ আহি থকা হৈছে বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে, জাজৰিৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত টিকেন্দ্ৰ নাথ গোস্বামী আৰু কুসুম গোস্বামীৰ তৃতীয় পুত্ৰ সুভাষ গোস্বামী অঞ্চলটোত এগৰাকী আদৰ্শ কৃষক ৰূপেও পৰিচিত আছিল। প্ৰকৃততে গোস্বামীৰ মৃত্যু এক দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া এক গভীৰ ৰহস্য হৈ পৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীৰ বাবে।

Your Comments