গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
খুমটাই বিধান সভাসমষ্টিৰ ১নং হাবিয়াল গাওঁত কালি প্ৰথম পৰ্যায়ৰ ভোট দানৰ সময়তে ভোট কেন্দ্ৰৰ সমীপত গোলাঘাটৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে নিকট দূৰত্বৰ পৰা ৬-৭ জাই গুলীৰে হত্যা কৰা জ্ঞানেন্দ্ৰ ৰাজখোৱা হত্যাকাণ্ডৰ প্ৰতিবাদত গাওঁখনত আজিওঁ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়। জানিব পৰা মতে, মানসিকভাৱে বিকাৰগ্ৰস্ত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ লোকজনক যোৱাকালি গোলাঘাটৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ দলটোৱে নিৰ্দয়ভাৱে নিচেই ওচৰৰ পৰা গুলীচালনা কৰিবলগীয়া হৈছিল ।
যদিওঁ ততাতৈয়াকৈ লোকজনক গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । কৰঙনত গুলী লগা ৰাজখোৱা কিছুসময়ৰ পিছতে চিকিৎসালয়ত মৃত্যুক সাৱটি লয়। নিশাই গোলাঘাট আৰক্ষীয়ে মৃতদেহটো ঘৰলৈ নিছিল যদিওঁ ঘৰৰ মানুহে ৰাজখোৱাৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলি উচিত তদন্ত বিচাৰাৰ লগতে আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে মৃতদেহটো চমজি লবলৈ অমান্তি হয়। পুনৰ আজি মৃতদেহটো গাওঁলৈ লৈ যোৱাত প্ৰায় হেজাৰোধিক গাওঁবাসী ওলাই আহি এক উত্তপ্ত পৰিবেশ সৃষ্টি কৰি মৃতদেহ লৈ প্ৰায় তিনি ঘন্টা সময় দেৰগাওঁ-গোলাঘাট পথ অৱৰোধ কৰে।
পিছত গোলাঘাট জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰা আৰু আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱ ৰয় উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ দাহীসমূহ গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ আশ্বাস প্ৰদান কৰাতহে গাওঁবাসীয়ে পথ অৱৰোধ কাৰ্যসূচী উঠাই লয়। উল্লেখ্য যে মৃত ৰাজখোৱা নিজেওঁ এজন সীমান্ত নিৰাপত্তাৰক্ষী আছিল আৰু যোৱা কিছুদিনৰ পূৰ্বে মানসিকভাৱে ভাৰসাম্য হেৰুৱাত তেওঁ কৰ্মৰ পৰা অব্যাহতি লৈছিল।
আজি দীৰ্ঘ সময়ৰ পথ অবৰোধৰ অন্তত গাওঁবাসীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই কিছুসময়ৰ পূৰ্বে প্ৰশাসনে নিহতৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আৰু উচিত তদন্তৰ আশ্বাস লিখিতৰূপ দিয়াতহে গাওঁবাসী ক্ষান্ত হৈ মৃতদেহ চমজি লৈ সৎকাৰৰ ব্যৱস্থা কৰে।
- Log in to post comments
- 12 views