নগাঁৱৰ পৰা ৱাহিদুদ জামান
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰদিবাদ অব্যাহত থকাৰ সময়তে আজি সন্ধ্যা নগাঁৱতো ৭০টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে ।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ জনমতক আওকাণ কৰি বিধেয়কখন জাপি দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠে দল-সংগঠনকেইটা । ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰেও এই বিধেয়কখনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাত ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধেও সংগঠনকেইটা সৰৱ হৈ পৰে ।
আজি নগাঁও চহৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম গৰীয়া-মৰিয়া-দেশী জাতীয় পৰিষদ, আমছু, মাছ, কোচ ৰাজবংশী মহিলা সন্মিলনীকে ধৰি ৭০টা জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীয়ে জোঁৰ সমদল উলিয়াই বিধায়কখন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, বিজেপিৰ কাম নাই আদি বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে ।
প্ৰতিবাদকাৰীসকলে জাতিধ্বংসী এই বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি চৰকাৰক বিধেয়কখন তৎকালীনভাৱে বাতিল কৰিবলৈ দাবী জনায় ৷
অন্যথা চৰকাৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি সমদলত অংশগ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ চন্দ্ৰ দাসে চৰকাৰক সকীয়াই দিয়ে ।
কাৰ্যসূচীত কৃষক মুক্তিৰ জীতেন বৰাকে ধৰি বিভিন্ন সংগঠনৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 4 views