ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তৎপৰ আলফা : গঠন শ্লিপাৰ চেল

ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি তৎপৰ আলফা : গঠন শ্লিপাৰ চেল

নগাঁৱৰ পৰা ৱাহিদুদ জামান

উজনি-নামনি অসমৰ লগতে শেহতীয়াকৈ মধ্য অসমতো সক্ৰিয় হৈ পৰিছে আলফা (স্বাধীন)। বিশেষকৈ এসময়ত আলফা শূন্য বুলি জিলা আৰক্ষী প্ৰশাসনৰ দ্বাৰা বাৰম্বাৰ ঘোষিত নগাঁও জিলাত আলফা (স্বাধীন)-এ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সদস্য ভৰ্তিৰ বাবে নতুন কৌশল অৱলম্বন গ্ৰহণ কৰিছে ।

নগাঁৱৰ বহু যুৱকে এই নতুন কৌশলেৰে আলফা (স্বা)ৰ সৈতে যোগাযোগ ৰাখিছে । নগাঁৱত শনিবাৰে এই সন্দৰ্ভত বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰে নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে ।

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে নগাঁৱত আলফাৰ কোনো তৎপৰতা নাই যদিও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি কেতবোৰ নতুন কৌশলেৰে তেওঁলোকৰ অস্তিত্ব জাহিৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

শেহতীয়াকৈ আলফা (স্বাধীন)ৰ প্ৰতিবাদ দিৱসৰ দিনা নগাঁৱৰ ভোটাইগাঁও খেলপথাৰত আলফা (স্বা)ৰ পতাকা উত্তোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়- এই কাৰ্যৰ লগত জড়িত দুজন লোকক শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ধৃত লোক দুজন হ'ল নগাঁও চহৰৰ ডিফলু নিবাসী নৰেন গোহাঁই আৰু পানীগাঁও ছয়আলিৰ ছালফা ভাস্কৰ বৰা ওৰফে ৰাজু । তেওঁলোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এ এছ-২১ ই-৭২৪৯ নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰাৰ লগতে কেতবোৰ আপত্তিজনক নথি-পত্ৰ‌ও জব্দ কৰিছে ।

উল্লেখ্য যে ধৃত নৰেন গোহাঁই এসময়ত মণিপুৰৰ পিপ'লছ লিবাৰেচন আৰ্মী চমুকৈ পি এল এ নামৰ উগ্ৰপন্থী সংগঠনৰ লগত জড়িত আছিল বুলি আৰক্ষী অধীক্ষকজনে সাংবাদিকক জানিবলৈ দিয়ে ।

আনহাতে, ধৃত নৰেন গোহাঁইৰ পত্নী অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল হয় নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে কোনো দোষীকে এৰি দিয়া নহয় ।

স্মৰ্তব্য যে ধৃত নৰেন গোহাঁই এসময়ত জড়িত থকা নিষিদ্ধঘোষিত পি এল এ নামৰ উগ্ৰপন্থী সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন স্বাধীন ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনা কৰিছিল বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

ইপিনে, আলফাৰ প্ৰতিবাদ দিৱসত পতাকা উৰুওৱা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ পাছতে কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে শেহতীয়াকৈ নগাঁৱত আলফাৰ শ্লিপাৰ চেল সক্ৰিয় হৈ পৰাৰ তথ্য পোহৰলৈ আহিছে । আলফা (স্বাধীন)-এ ছ'চিয়েল মিডিয়া আৰু নেটৱৰ্কিং ছাইটৰ সহায় লোৱাৰ তথ্যও পোহৰলৈ আহিছে ।

আলফা শূন্য জিলা বুলি নগাঁও আৰক্ষীয়ে দাবী কৰি অহা নগাঁও জিলাত সংগঠনটোৰ এই কুচকাৱাজে এতিয়া নিদ্ৰাহৰণ কৰিছে নগাঁও আৰক্ষীৰ । মন কৰিবলগীয়া যে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নৰেন গোঁহাই আৰু ছালফা সদস্য ভাস্কৰ বৰাক শনিবাৰে আৰক্ষীয়ে নগাঁও আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষীৰ আবেদনমৰ্মে আদালতে দুয়োজনকে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে ।

অন্যহাতে, নগাঁও আৰক্ষীয়ে আন তিনিজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । কিন্তু তদন্তৰ খাতিৰত আটকাধীন লোককেইজনৰ নাম প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে ।

Your Comments