কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্রী তৰুণ গগৈয়ে ।
এক শোকবাৰ্তাত গগৈয়ে কয় যে গোস্বামীৰ দৰে এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুত অসমবাসীয়ে হেৰুৱাবলগীয়া হ'ল এজন প্ৰকৃত দেশপ্ৰেমিক আৰু সদা সচেতন তথা সমাজ সচেতক ব্যক্তি ।
সমাজৰ বিভিন্ন ক্ষেত্রত তেখেতে আগবঢ়াই যোৱা অৱদানৰ বিষয়ে অসমবাসীয়ে সদায়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিব ।
প্ৰয়াত গোস্বামীৰ আত্মাৰ সদ্গতিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে ।
- Log in to post comments
- 7 views