বৰপেটাৰ উপায়ুক্ত তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰক 'প্রেমকান্ত মহন্ত' বঁটা প্রদান

বৰপেটাৰ উপায়ুক্ত তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰক 'প্রেমকান্ত মহন্ত' বঁটা প্রদান

বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ

বঙাইগাঁও জিলাৰ সাঁকোমুৰাত অৱস্থিত ঘৰচীয়া সত্ৰত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত জ্যেষ্ঠ আৰক্ষী বিষয়া তথা শংকৰী সংস্কৃতিৰ একান্ত সাধক প্রেমকান্ত মহন্তৰ সোঁৱৰণত তেওঁৰ পৰিয়াল আৰু প্রেমকান্ত মহন্ত ন্যাসে আগবঢ়োৱা প্রেমকান্ত মহন্ত বঁটা এইবাৰ বৰপেটা জিলাৰ উপায়ুক্ত তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰক প্রদান কৰা হয় ।

বৰপেটাৰ উপায়ুক্ত তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰক 'প্রেমকান্ত মহন্ত' বঁটা প্রদান

উল্লেখ্য, ইতিমধ্যে ওদালগুৰি আৰু কোকৰাঝাৰ জিলাত উপায়ুক্ত হিচাপে কার্যনির্বাহ কৰি অহা বৰপেটা জিলাৰ বৰ্তমানৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বকুলৰ গোন্ধ, সমাজকর্মী দণ্ডিৰাম দাস, তলসৰা শেৱালি, সাহিত্য-সমাজ-জীৱন, বিন্দুতে সিন্ধু, যাত্রা, নদীকন্যা, হঠাৎ সিদিনা, সর্বগুণাকৰ শংকৰদেৱ, সাগৰৰ পাৰে পাৰে, মায়ে দিয়া বিহান আৰু কৃষ্ণ শিক্ষাকে ধৰি ১৩খনৰো অকি তত্ত্বগধুৰ মূল্যৱান গ্রন্থ ৰচনা কৰি উলিয়াইছে।

তদুপৰি, বিভিন্ন কাকত, আলোচনীত উপায়ুক্ত মালাকাৰৰ বহু লেখা প্রকাশ পাইছে । আনহাতে, সাহিত্যৰ উপৰি চৰকাৰী কাম-কাজৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় লোকপিয়লত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ১৯৯১ আৰু ২০১১ চনত দুবাৰকৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰূপৰ পদক, ২০১১ চনত ডঃ আম্বেদকাৰ বিশিষ্ট সেৱা বঁটা, ২০১৩ চনত সুন্দৰৰ সাধক অনন্তম দাস বঁটা, ‘যাত্রা’ গ্রন্থৰ বাবে অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা, ২০১৫ চনত ধনৰাজ আগৰৱালা বঁটা, ২০১৭ চনত মথুৰা মোহন হিতৈষী বঁটা লাভ কৰিছে ।

মালাকাৰে প্রেমকান্ত মহন্ত বঁটা গ্ৰহণ কৰি বিভিন্ন ব্যক্তি, বৰপেটা উপায়ুক্ত কার্যালয়ৰ সাহিত্য-সংস্কৃতি মঞ্চ তথা দল-সংগঠন প্ৰমুখ্যে আটাইকে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Your Comments