অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনা মৰ্মে আজি ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো জিলাখনৰ ৪৩৬ গৰাকী ভূমিহীন হিতাধিকাৰীলৈ ভূমিপট্টা আৰু আৱন্টন-পত্ৰ বিতৰণ কৰা হয় ৷ এই উপলক্ষে ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত ভূমিপট্টা আৰু আৱন্টন-পত্ৰ বিতৰণ সমাৰোহত ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান তথা পেঞ্চন বিভাগৰ মন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে ভূমিপট্টা আৰু আৱন্টন-পত্ৰ বিতৰণ কৰে ৷
মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত ভাষণ প্ৰসংগত কয় যে পূৰ্বতে চৰকাৰে ভূমিহীন লোকক ন্যূন্যতম চাহিদা আঁচনিৰ অধীনত ভূমি পট্টন আৰু আৱন্টত দিছিল ৷ কিন্তু যোৱা কেইবাবছৰ ধৰি এই আঁচনিৰ অধীনত মাটিৰ পট্টন আৰু আন্টন দিয়াটো বন্ধ আছিল ৷ যাৰ ফলত ভূমিহীন লোকসকল ৰাজ্যখনৰ ভূমি নীতিৰ জৰিয়তে যেনে ধৰণৰ সুবিধা পাব লাগে তেনে ধৰণৰ সুবিধা পোৱাৰ পৰা বঞ্চিত হৈছিল ৷ সেয়ে বৰ্তমানৰ চৰকাৰখনে নতুনকৈ ভূমি নীতি প্ৰস্তুত কৰাৰ বাবে চিন্তা - চৰ্চা কৰিছে ৷
পূৰ্বৰ ১৯৮৯ চনৰ ভূমি নীতিক কিছু সংশোধন কৰি যাতে অসমৰ ভূমিহীন লোকসকল তথা ক্ষুদ্ৰ চাহ খেতিয়ককে আদি কৰি বিভিন্ন ধৰণৰ খেতিয়কসকল অধিক সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচলিত ভূমি নীতিখন সংশোধনৰ ব্যৱস্থা কৰা হৈছে বুলিও কয় ৷ নতুন ভূমি নীতিখন অতি শীঘ্ৰে প্ৰস্তুত হৈ উঠিলে ৰাজ্যখনৰ জনসাধাৰণ উপকৃত হ'ব বুলিও মন্ত্ৰী চৌধুৰীয়ে কয় ৷ লগতে জিলা প্ৰশাসনে ভূমিহীন লোকৰ বাবে যি ব্যৱস্থা হাতত লৈছে এই ক্ষেত্ৰত সৰ্বসাধাৰণ ভূমিহীন লোকে সহায়-সহযোগিতা কৰিলে বঙাইগাঁও জিলাখনত ভূমিহীন লোক নাইকিয়া হ'ব বুলিও আশা প্ৰকাশ কৰে ৷
ভূমিপট্টা পোৱাৰ পিচত লোকসকলে এটা পৰিচয় পাব আৰু চৰকাৰী সা-সুবিধাসমূহ লাভ কৰিব পাৰিব বুলিও কয় ৷ ইপিনে অনুষ্ঠানত উপস্থিত থাকি উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰিয়ে কয় যে এয়া প্ৰশংসনীয় পদক্ষেপ ৷ মানুহৰ সমস্যাৰ অন্ত নাই ৷ বিশেষকৈ যিসকলৰ ভূমি নাই তেঁওলোকৰ সমস্যা অধিক ৷ এই ক্ষেত্ৰত চৰকাৰে ভূমিহীন লোকসকলক যি ভূমিপট্টা আৰু আৱন্টন-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে এয়া নিশ্চয়কৈ অতি প্ৰশংসনীয় কাৰ্য বুলিও কয় ৷
আনহাতে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই কয় যে আমি যিমানেই ঔদ্যোগিকৰণৰ কথা নকও কিয়, আমি কিন্তু কৃষিজীৱি ৷ কৃষিজীৱি হোৱাৰ বাবে আমাৰ মাটিৰ লগত সম্পৰ্ক আছে ৷ সেয়ে যেতিয়ালৈকে প্ৰকৃত কৃষকে মাটিৰ স্বত্ব নাপায়, তেতিয়ালৈকে তেঁওলোকৰ মাটিৰ প্ৰতি মোহ নজন্মে ৷ যাৰ বাবে চৰকাৰে সময়ে সময়ে ভূমি নীতি - নিৰ্দেশনা, ৰাজহ আইন প্ৰণয়ন কৰিছে বুলিও কয় ৷ উপায়ুক্তগৰাকীয়ে কয় যে জিলাখনত চৰকাৰী মাটিৰ পৰিমাণ হ'ল ২ লাখ ২০ হেজাৰ বিঘা ৷ ইয়াৰে ৫৩ হেজাৰ বিঘা মাটি পট্টন আৰু আৱন্টন দিব পাৰে ৷ আনহাতে জিলাখনত প্ৰায় ৪ হেজাৰ ভূমিহীন পৰিয়াল আছে বুলিও কয় ৷
উল্লেখ্য যে জিলাৰ অতিৰিক্ত উপায়ুক্ত কান্তা দাসে আঁত ধৰা অনুষ্ঠানত জিলাৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অশ্ৰুমণি মালাকাৰে উদ্দেশ্য ব্যাখ্যা কৰে ৷ ভূমিপট্টা আৰু আৱন্টন-পত্ৰ বিতৰণ সমাৰোহত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি মেঘনিধি দাহাল, বঙাইগাঁও সদৰ মহকুমাধিপতি নিত্য বিনোদ ঔৱাৰী, জিলা বিজেপিৰ সভাপতি সুকেন ৰায়ৰ লগতে জিলাখনৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ৷
- Log in to post comments
- 24 views