নগাঁৱৰ পৰা ৱাহিদুদ জামান
"হত্যা-হিংসাই কোনো সমস্যাৰ সমাধান নকৰে । এনে ঘটনাই সমাজত অশান্তিৰ সৃষ্টি কৰে । ৰাজনৈতিক স্বাৰ্থত বক্তব্য ৰখাসকলৰ কোনো ক্ষতি হোৱা নাই । ক্ষতি হৈছে নীৰিহ লোকৰ ।" এই মন্তব্য নগাঁও বঙালী সন্মিলনীৰ সহকাৰী সম্পাদক জীৱন বণিকৰ ।
আজি সন্ধ্যা সন্মিলনীৰ নগাঁও চহৰস্থিত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত এইদৰে মন্তব্য কৰি সম্পাদকগৰাকীয়ে বৃহস্পতিবাৰে ধলাৰ খেৰবাৰীত সংঘটিত বৰ্বৰ হত্যাকাণ্ডক বঙালী সমাজে তীব্ৰ ভাষাৰে নিন্দা কৰা বুলি কয় ।
তেওঁ এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই কয় যে এই মুহূৰ্তত সকলোৱে শান্তি-শৃংখলা অটুট ৰখা উচিত । তেওঁ লগতে কয়- আমি বিভাজনৰ ৰাজনীতি সমৰ্থন নকৰোঁ ।
এটা অসাধু চক্ৰই বঙালী, অসমীয়া, মুছলিম আদি বক্তব্যৰে ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা অব্যাহত ৰাখিছে । হিন্দু বাংলাদেশী প্ৰসংগত তেওঁ কয়- বাংলাদেশৰ মানুহ অসমত প্ৰয়োজন নাই । অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত অহা কোনো লোককে নগাঁও বঙালী সন্মিলনীয়ে অসমত সংস্থাপিত হোৱাটো নিবিচাৰে ।
কাইলৈ ধলাৰ খেৰবাৰী কাণ্ডৰ প্ৰতিবাদত আহ্বান জনোৱা অসম বন্ধ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সন্মিলনীৰ নেতৃবৰ্গই কয় যে বন্ধই কোনো সমস্যাৰ সমাধান নকৰে । ই সমস্যা জটিলহে কৰে ।
ইপিনে, ধলা কাণ্ডৰ ঘটনাৰ লগত জড়িত দোষীক চৰকাৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শান্তি বিহিবলৈ দাবী জনাই উক্ত ঘটনাৰ চি বি আই তদন্তৰো দাবী জনায় ।
- Log in to post comments
- 22 views