লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাত সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল ৷ যোৱা নিশা ৭মান বজাত তিনিচুকীয়া জিলাৰ ধলাত ৫জন নিৰীহ যুৱকক দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দৰ্ভত ফেডাৰেচনে তীব্ৰ গৰিহণাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক অতি সোনকালে আটক কৰি উচিত শাস্তি বিহাৰ দাবী ফেডাৰেচনৰ ৷ নিহত ৫জন লোকৰ পৰিয়ালবৰ্গলৈ ৩০ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ দাবী চৰকাৰক ৷
ফেডাৰেচনে বন্ধ সমৰ্থন নকৰে যদিও তিনিচুকীয়া কাণ্ডৰ প্ৰতিবাদত ৩ নৱেম্বৰৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান ফেডাৰেচনৰ ৷
আনহাতে, ছ'চিয়েল মিডিয়াত উচতনি আৰু বিতৰ্কিত মন্তব্য দিয়াসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় চৰকাৰক | বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ লগতে ছালফা নেতা মৃণাল হাজৰিকা আৰু জিতেন দত্তকো ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমত উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান ফেডাৰেচনটোৰ ৷
ফেডাৰচনৰ মুখপাত্ৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শিলাদিত্যৰ কথামতে বঙালী সমাজে উঠা-বহা নকৰে ৷ বঙালী জাতিক লৈ ৰাজনীতি নকৰিবলৈও আহ্বান বঙালী ফেডাৰেচনৰ ৷
আনহাতে, উক্ত সংবাদমেলত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এন আৰ চি সন্দৰ্ভতো মন্তব্য ব্যক্ত কৰে ফেডাৰেচনৰ মুখপাত্ৰগৰাকীয়ে |
উক্ত সংবাদমেলত উপস্হিত থাকে বঙালী ফেডাৰেচনৰ কেন্দ্ৰীয় মুখপাত্ৰ জয়জিৎ দাস, সাংগাঠনিক সম্পাদক কেশৱ দাস, হোজাই জিলাৰ সভাপতি কৌশিক চন্দ্ৰৰ লগতে সদস্যসকল |
- Log in to post comments
- 15 views