গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ আধাৰত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে ৷
এই বিষয়ত শিক্ষা বিভাগকে ধৰি অন্যান্য সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষৰ লগত হোৱা আলোচনামৰ্মে অসম চৰকাৰৰ শিক্ষা বিভাগক ৰাজ্যখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ হ’বলগীয়া পৰীক্ষাসমূহ ১৫ ডিচেম্বৰ, ২০১৮ৰ পিছত অনুষ্ঠিত কৰাৰ ব্যৱস্থা ল’বলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে অনুৰোধ জনইছে ৷
ভাৰতীয় গণতন্ত্ৰৰ এক তৃণমূল পৰ্যায়ৰ অনুষ্ঠান পঞ্চায়তসমূহৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাত সহযোগ কৰিবলৈ সমূহ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আয়োগে (২০১৮ৰ ডিচেম্বৰ মাহত হ’বলগীয়া) পৰীক্ষাসমূহ ১৫ ডিচেম্বৰ, ২০১৮ তাৰিখৰ পিছত অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে ৷
অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ ৷
- Log in to post comments
- 16 views