ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী, ৰোগী তথা পৰ্যটকসকলৰ তামিলনাডু ভ্ৰমণৰ সহায়ক হোৱাকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাইৰ পল্লীকৰ্ণাইত নৱ-নিৰ্মিত অসম ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ উল্লেখ্য যে ১২.৯৩ কোটি টকা প্ৰকল্প ব্যয়েৰে নিৰ্মাণ কৰা পঞ্চ মহলীয়া এই ভৱনত সৰ্বমুঠ ৩২টা কোঠা আছে ৷
অসম ভৱন উদ্বোধন কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ দিনটোক এক বিশেষ দিন হিচাপে অভিহিত কৰে ৷ চেন্নাইৰ অসম ভৱন কেৱল এক সাধাৰণ ভৱন নহয়, ই অসম আৰু তামিলনাডুৰ মাজত এক সেঁতু বন্ধন বুলিও মুখ্য মন্ত্ৰীয়ে কয় ৷
এই প্ৰসংগত মুখ্য মন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ পৰা বহুসংখ্যক ৰোগী, ছাত্ৰ-ছাত্ৰী তথা অন্যান্য লোকে বিভিন্ন কাৰণত চেন্নাইলৈ আহি থকা-খোৱাৰ ক্ষেত্ৰত যি অসুবিধাৰ সন্মুখীন হৈছিল অসম ভৱন উদ্বোধনৰ জৰিয়তে সেই অসুবিধা আজিৰে পৰা অন্ত হ’ল বুলিও মুখ্য মন্ত্ৰীয়ে কয় ৷
ভাষণ প্ৰসংগত মুখ্য মন্ত্ৰীয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ যি মহান আদৰ্শ সেয়া তামিলনাডু চৰকাৰে অসম ভৱন নিৰ্মাণৰ বাবে যাৱতীয় ভূমি প্ৰদান তথা অন্যান্য ক্ষেত্ৰত সহযোগিতাৰে প্ৰতিফলন কৰিলে বুলিও কয় ৷
মুখ্য মন্ত্ৰীয়ে ইয়াৰ বাবে তামিলনাডু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তামিলনাডু চৰকাৰক গুৱাহাটীত তামিলনাডু ভৱন নিৰ্মাণৰ পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷
অসমত বহুসংখ্যক তামিল লোক আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে তামিলনাডু চৰকাৰে গুৱাহাটীত তামিলনাডু ভৱন নিৰ্মাণ কৰিব বিচাৰিলে প্ৰয়োজনীয় ভূমি প্ৰদানকে ধৰি যাৱতীয় সকলো দিশতে অসম চৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷
মুখ্য মন্ত্ৰী সোণোৱালে আজি মুকলি কৰা অসম ভৱনৰ প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ আৰু চোৱা-চিতা কৰাৰ দিশত উপযুক্ত ব্যৱস্থা লোৱাৰ বাবেও আহ্বান জনায় ৷
ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু অন্যান্য ভ্ৰমণকাৰীসকলৰ সহায়ক হোৱাকৈ ভেল্ল’ৰ, বেংগালুৰু, হায়দৰাবাদ, কোচি, থিৰুঅনন্তপুৰম, চণ্ডীগড়, জয়পুৰ, পুনে ইত্যাদি উল্লেখযোগ্য ঠাইসমূহত অসম ভৱন নিৰ্মাণৰ পদক্ষেপ লৈ আছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কলকাতাত নৱ-নিৰ্মিত অসম ভৱন শীঘ্ৰে মুকলি কৰা হ’ব বুলি কয় ৷
মুখ্য মন্ত্ৰীয়ে লগতে কয় যে নতুন দিল্লীত দ্বিতীয় অসম ভৱন ইতিমধ্যে মুকলিৰ বাবে সাজু হৈ উঠিছে আৰু নতুন দিল্লীত তৃতীয় অসম ভৱন ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব ৷
ৰাজ্য চৰকাৰে ৰাজ্যখনত বিনিয়োগৰ এক উপযুক্ত বাতাবৰণ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত ৭৯,০০০ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভেৰে বিগত ৫ মাহত ৰাজ্যখনত ৮,০০০ কোটি টকাৰ বিনিয়োগ সম্ভৱ হৈ উঠিছে বুলি কোৱাৰ লগতে বিনিয়োগৰ বহুসংখ্যক প্ৰস্তাৱ ৰাজ্য চৰকাৰে লাভ কৰিছে বুলিও কয় ৷
মুখ্য মন্ত্ৰীয়ে তামিলনাডু চৰকাৰ আৰু তামিলনাডুৰ ব্যৱসায়ীসকলক ৰাজ্যখনত বিনিয়োগ কৰাৰ বাবেও আহ্বান জনায় ৷ ৰাজ্য চৰকাৰে এই দিশত সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্য মন্ত্ৰীয়ে কয় ৷
অনুষ্ঠানত বক্তব্য ৰাখি পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে লোৱা পদক্ষেপসমূহৰ আলোকপাতেৰে বক্তব্য আগবঢ়ায় ৷ এই প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ আভ্যন্তৰীণ উন্নয়নৰ উপৰি চেন্নাইৰ লেখীয়া ৰাজ্যখনৰ জনসাধাৰণে সঘনাই ভ্ৰমণ কৰিবলগীয়া হোৱা ঠাইত অসম ভৱন নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰাটো উন্নয়নৰ এক অন্যতম পদক্ষেপ বুলিও মন্ত্ৰীগৰাকীয়ে কয় ৷
সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব ডঃ এম অংগমুথুৱে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত পৰ্যটন বিভাগৰ প্ৰধান সচিব ৰাজেশ প্ৰসাদেও বক্তব্য প্ৰদান কৰে ৷
অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, উপাধ্যক্ষ নৱজিৎ কলিতা, তামিলনাডুৰ সাধাৰণ প্ৰশাসন, মীন, ছপা আৰু মুদ্ৰণ ইত্যাদি বিভাগৰ মন্ত্ৰী ডি জয় কুমাৰকে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
- Log in to post comments
- 23 views