চেঙাৰ পৰা সুৰজিৎ পাঠক
অসমৰ জাতীয় জীৱনৰ মহীৰূহ, মহান মানৱতাবাদী শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সপ্তম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে ৫ নৱেম্বৰত বৰপেটা জিলাৰ চেঙাত চেঙা আঞ্চলিক ছাত্ৰ সন্থা আৰু চেঙা শাখা সাহিত্য সভাৰ উদ্যোগত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ 'অশ্ৰু অঞ্জলি যাচিলোঁ' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।
বিগত বছৰবোৰৰ দৰে এইবেলিও আয়োজন কৰা অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি প্ৰত্যুষত চাফাইৰ পাছতে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব আঞ্চলিক ছাত্ৰ সন্থা আৰু শাখা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰূপম পাঠক আৰু হৰেকৃষ্ণ ডেকাই । পুৱা ৯ বজাত ছহিদ তৰ্পণ কাৰ্যসূচী মুকলি কৰিব বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকাই ।
৯.৩০ বজাত বন্তি প্ৰজ্বলন কৰিব সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপেন তালুকদাৰে । সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাৰ্ঘ্যৰে ১০ বজাত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী মুকলি কৰিব সাহিত্য-সাংস্কৃতিক অনুষ্ঠান 'বিৰিণা গোষ্ঠী' অসমৰ সভাপতি তথা সাংবাদিক লীলাধৰ পাঠকে ।
১০.৩০ বজাত 'মানৱীয় প্ৰমূল্যবোধ আৰু ভূপেন হাজৰিকাৰ গীত' বিষয়ক আলোচনা-চক্ৰ সঞ্চালনা কৰিব সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰে ।
দিনৰ ১২ বজাত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৱল ডঃ ভূপেন হাজৰিকা বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে থিতাতে লিখা কবিতা প্ৰতিযোগিতা, চিত্ৰাঙ্কন প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব স্থানীয় চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।
প্ৰতিযোগিতাবোৰ উদ্বোধন কৰিব ক্ৰমে প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠক, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুকুল কৃষ্ণ মিশ্ৰ, প্ৰতিষ্ঠিত কবি তথা সাংবাদিক তফিকুৰ ৰহমান আৰু শাখা সাহিত্য সভাৰ সভাপতি ভৱানন্দ ভড়ালীয়ে ।
প্ৰতিযোগিতাৰ শেষত সমবেত সকলোৱে সুধাকণ্ঠৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে' শীৰ্ষক গীতটো পৰিবেশন কৰাৰ পাছত সন্ধিয়া ৰাজহুৱা বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰিব ।
ইফালে সুধাকণ্ঠৰ মৃত্যু দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও বিভিন্ন কাৰ্যসূচী হাতত লৈছে বুলি সম্পাদক চাণক্য ডেকাই জানিবলৈ দিয়ে ।
- Log in to post comments
- 28 views