গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
যোৱা ৫ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ সদৌ অসম আঞ্চলিক ছাত্ৰ সন্থাৰ উপ-সভাপতি পংকজ প্ৰতিম দত্ত গুৱাহাটীলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল যদিও মঙলবাৰে ছ'চিয়েল মিডিয়াত যুৱ নেতাজনে নিজমুখে সশস্ত্ৰ বাহিনী আলাফা (স্বাধীন)ত যোগদান কৰাৰ কথা ব্যক্ত কৰি সচেতন মহলক হতচকিত কৰি তোলে ।
আগ্নেয়াস্ত্ৰসহ নিজমুখে যুৱ নেতাজনে কোনো আগজাননী নিদিয়াকৈ আলফাত যোগদান কৰাৰ স্বীকাৰোক্তি দিয়াৰ লগতে কাৰ্যনিৰ্বাহ কৰি থকা ছাত্ৰ সংগঠনটোক ক্ষমা প্ৰাৰ্থনা বিচাৰে ।
অসমীয়া জাতিৰ সকলো থাকিও অসমৰ প্ৰতিটো সমস্যাৰ বাবে ভাৰতৰাষ্ট্ৰৰ ওচৰত আঁঠু লোৱা কাৰ্যত চৰম হতাশাত ভুগি নৱ-প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অসমৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিকল্প পথৰূপে বিপ্লৱী সংগঠনটোত যোগদান কৰা বুলিও উল্লেখ কৰে ।
ইতিমধ্যে উক্ত ভিডিঅ' ক্লিপটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত অসমৰ লগতে গৃহজিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে নিৰুদ্দেশ হোৱা দিনৰে পৰা যুৱ নেতাজনৰ মোবাইল সংযোগ বিচ্ছিন্ন হৈ থকাৰ লগতে পৰিয়ালৰ মুৰব্বী পিতৃ তৰুণ দত্তই দেৰগাঁও আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল ।
- Log in to post comments
- 52 views