পূব বৰপেটাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : চেঙাত টায়াৰ জ্বলাই প্ৰতিবাদ

পূব বৰপেটাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : চেঙাত টায়াৰ জ্বলাই প্ৰতিবাদ

চেঙাৰ পৰা সুৰজিৎ পাঠক

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে ৬০টাকৈ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰুদ্ধে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙাতো সৰ্বাত্মক ৰূপত পৰাটো পৰিলক্ষিত হয় ।

টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধ সমৰ্থকে । চেঙা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চেঙা আঞ্চলিক  জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে চেঙাত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

জাতিধ্বংসী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰবিৰোধী শ্লোগান, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিল কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে চেঙাৰ পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদত কৃষক মুক্তিৰ নেতা চাণক্য ডেকা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা ৰূপম দাসৰ উপৰি প্ৰতিবাদথলীত যথেষ্টসংখ্যক লোক উপস্থিত থাকে । আনহাতে, বৃহত্তৰ পূব বৰপেটা অঞ্চলৰ চেঙাৰ উপৰি খংৰা, কুকাৰপাৰ, মাজদিয়াতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈ পৰে ।

মাজদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ফুলচান খানৰ নেতৃত্বত মাজদিয়াতো (পশ্চিমপাৰা) বন্ধ সফল কৰি তোলা বুলি জানিব পৰা গৈছে । পূব বৰপেটাত ব্যৱসায়-প্ৰতিষ্ঠানৰ লগতে যান-বাহনৰ চলাচল বন্ধ হৈ পৰে ।

Your Comments