নগাঁও জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বন্ধ সমৰ্থকৰ

নগাঁও জিলাত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বন্ধ সমৰ্থকৰ

নগাঁৱৰ পৰা ৱাহিদুদ জামান

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৰাজ্যখনৰ ৪৬টা সংগঠনে আজি আহ্বান জনোৱা ১২ঘণ্টীয়া অসম বন্ধ নগাঁও জিলাত সৰ্বাত্মকভাৱে পালন কৰা হয় ৷

চৰকাৰৰ কঠোৰ নিৰ্দেশনাকো আওকাণ কৰি জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ থাকে ৷ বন্ধৰ সমৰ্থকসকলে নগাঁও চহৰকে ধৰি জিলাখনৰ বিভিন্ন স্থানত পথৰ ওপৰত টায়াৰ জ্বলাই বন্ধ সফল কৰাৰ চেষ্টা চলায় ৷

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সদস্যসকলে নতুন বজাৰত টায়াৰ জ্বলাই বিধেয়কখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰিষদৰ সদস্যসকলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'বই লাগিব আদি বিভিন্ন ধ্বনি দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷

জিলাখনৰ উৰিয়াগাঁও বাইপাছ, ধিং গে'ট, হয়বৰগাঁও, জখলাবন্ধা, ৰহা, কামপুৰ, চামগুৰি, পুৰণিগুদাম আদিতো বন্ধৰ সমৰ্থকসকলে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বন্ধৰ সমৰ্থকসকলে জিলাখনৰ জখলাবন্ধাত শিলঘাট-গুৱাহাটী ৰে'লগাড়ী চলাচলত বাধা প্ৰদান কৰি ৰে'লপথ অৱৰোধ কৰে ৷ ইপিনে কামপুৰত বন্ধৰ সমৰ্থকসকলে ৰে'লৰ চিৰিৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

জ্বলি থকা জুইৰ ওপৰেদি এখন মালবাহী ৰে'ল পাৰ হৈ যায় ৷ বন্ধৰ সময়ত জিলা উপায়ুক্ত কাৰ্যালয়কে ধৰি বিভিন্ন চৰকাৰী কাৰ্যালয় খোলা আছিল যদিও উপস্থিতিৰ হাৰ সেৰেঙা আছিল ৷

বেংককে ধৰি সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহ বন্ধৰ সময়ছোৱাত বন্ধ আছিল ৷ বন্ধৰ সময়ত জিলাখনৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাসমূহতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল ৷

এই সময়ছোৱাত নগাঁও চহৰত পাঁছজন, কামপুৰত চাৰিজন, কলিয়াবৰত পঞ্চাশজনৰো অধিক বন্ধৰ সমৰ্থকক আটক কৰে যদিও পিছত তেওঁলোকক মুকলি কৰি দিয়ে ৷ জখলাবন্ধা ৰে'ল ষ্টেচনত বন্ধৰ সমৰ্থকে ৰে'ল অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

পিছত আৰক্ষীৰ সহযোগত ৰে'লখন গুৱাহাটীলৈ যাত্ৰা কৰে ৷ ইপিনে মৈৰাবাৰী-গুৱাহাটী ৰে'লখনৰ চলাচল অব্যাহত থাকে ৷ বন্ধৰ সময়ত জিলাখনৰ গড়াজান, জুৰীয়া, নগাঁও চহৰৰ হয়বৰগাঁৱৰ সৰু বজাৰকে ধৰি কে'বাঠাইতো বিক্ষিপ্ত ঘটনা সংঘটিত হয় ৷

জিলাখনৰ ধিং, বটদ্ৰৱা, ৰহা, চাপৰমুখ, ফুলগুৰি, কামপুৰ, কঠীয়াতলি, ননৈ, জুৰীয়া, ৰূপহী, কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, পাঠৰী, দক্ষিণপাট, বেবেজীয়াকে ধৰি জিলাখনৰ সকলো স্থানতে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল ৷

Your Comments