ধেমাজিৰ বৰদলনিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ধেমাজিৰ বৰদলনিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

বৰদলনিৰ পৰা ললিত শইকীয়া

জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বাতিলৰ দাবিত আজি পুৱাৰ ভাগত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ বৰদলনি আঞ্চলিক সমিতিয়ে ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজিৰ বৰদলনিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

এই কাৰ্যসূচীত জনগোষ্ঠীয় প্ৰায় ৫০টাতকৈ অধিক সংগঠনে যোগদান কৰে । শাসকীয় বিজেপি চৰকাৰখনে যি জাতিধ্বংসী আইন ৰূপায়ণ কৰি বিদেশীক নাগৰিকত্বৰ অধিকাৰ দি সুৰক্ষা প্ৰদান কৰিব বিচাৰিছে আৰু অসমীয়া ৰাইজক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে তাক লৈ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বৰদলনি আঞ্চলিক সমিতি আৰু বিভিন্ন দল-সংগঠনে ধিক্কাৰ দিয়ে ৷

ধেমাজিৰ বৰদলনিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

বন্ধৰ সমৰ্থকসকলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৰদলনি চাৰিআলিৰ মাজমজিয়াত টায়াৰ জ্বলাই পৰিৱেশ উত্তাল কৰাৰ লগতে বিজেপি গ' বেক, অসম চৰকাৰ হুঁচিয়াৰ, সবানন্দ সোণোৱাল হায় হায়, নৰেন্দ্ৰ মোডী হুঁচিয়াৰ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

দোকান-বজাৰ, গাড়ী-মটৰ বন্ধ কৰি ৰাইজে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত বিপুল সঁহাৰি জনায় । প্ৰতিবাদস্থলীত বৰদলনি আঞ্চলিক আটাছুৱে কয় যে ২০১৬ সংশোধনী আইন বাতিল নকৰিলে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব ।

Your Comments