জাতিধ্বংসী বিধেয়ক নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি অসমৰ অৰ্ধশতাধিক জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণঅটীয়া অসম বন্ধৰ প্ৰভাৱ মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীতো পূৰামাত্ৰাই বন্ধৰ প্ৰভাৱ পৰে ।
জিলাখনৰ সংযোগী বিভিন্ন পাৰঘাটসমূহ সম্পূৰ্ণৰূপে বন্ধ হোৱাৰ লগতে ব্যৱসায়িক কেন্দ্ৰ নয়াবজাৰ, জেংৰাইমুখ, ফুলনি, মুদৈবিল, সোণাৰিআটী, বনগাঁও, দক্ষিণপাট, কমলাবাৰী, গড়মূৰ, বালি চাপৰি আদিৰ দোকান-পোহাৰ বন্ধ হয় ।
চৰকাৰী তথা বক্তিগত দুচকীয়া-চাৰিচকীয়া যান-বাহন, মালবাহী ট্ৰাকৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হোৱা পৰিলক্ষিত হয় । দুই-এখন চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ সেৰেঙা উপস্থিতিৰে পাঠদান হোৱাৰ বিপৰীতে ৯৮ শতাংশ শিক্ষানুষ্ঠানত বন্ধৰ প্ৰভাৱ পৰে ।
বন্ধ সফল কৰাৰ বাবে সংগঠনসমূহৰ কৰ্মী তথা সমৰ্থকসকলে একগোট হৈ মাজুলীৰ বিভিন্ন অংশত টায়াৰ আদি জ্বলাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ শীঘ্ৰে বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক, ইনকিলাব জিন্দাবাদ আদি শ্লোগানেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
ইপিনে মাজুলীৰ সদৰ গড়মূৰ আৰু কমলাবাৰীৰ পৰা বন্ধৰ সমৰ্থকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ৰাখে । অৱশ্যে পিছত এৰি দিয়া হয় ।
- Log in to post comments
- 9 views