ডবকাৰ পৰা জমিৰউদ্দিন তালুকদাৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীত আজি ৪২টাকৈ সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে হোজাই জিলাত ৷ জিলাখনৰ নীলবাগান, ডবকা, মোৰাঝাৰ, দেৱস্থানত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত দেখিবলৈ পোৱা যায় ৷
ডবকা, নীলবাগান, মোৰাঝাৰ, যমুনামুখ, দেৱস্থান আদি বজাৰসমূহত ব্যৱসায়ীসকলে দোকান-পোহাৰ বন্ধ ৰাখি চৰকাৰে আইনলৈ ৰূপান্তৰিত কৰিব খোজা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰে ৷
ঠায়ে ঠায়ে বন্ধৰ সমৰ্থকসকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ কে'বাজনো বন্ধ সমৰ্থনকাৰীক আৰক্ষীয়ে সাময়িকভাৱে আটক কৰে ৷ জিলাখনৰ ক'তো কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই ৷
আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুৱাৰে পৰা আৰক্ষী অধীক্ষক অংকুৰ জৈন সষ্টম হৈ থাকে ৷
- Log in to post comments
- 18 views