কলিয়াবৰত অসম বন্ধ সৰ্বাত্মক : শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ

কলিয়াবৰত অসম বন্ধ সৰ্বাত্মক : শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

কলিয়াবৰত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মুঠ ৬০টা সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক । 

কলিয়াবৰত অসম বন্ধ সৰ্বাত্মক : শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতি আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক পৰিষদৰ প্ৰায় দুই শতাধিক প্ৰতিবাদীয়ে শিলঘাট-গুৱাহাটী অভিমুখী যাত্ৰিবাহী ৰে'লখন জখলাবন্ধা ৰে'ল ষ্টেচনত আবদ্ধ কৰি ৰাখে ।

ৰে'লখন প্ৰায় দুঘণ্টা ধৰি আবদ্ধ কৰি ৰখা প্ৰতিবাদীসকলক জখলাবন্ধা আৰক্ষী থানাৰ আৰক্ষীয়ে  আটক কৰে । ইফালে  মহকুমাটোৰ  বিভিন্ন ঠাইৰ সকলোবোৰ দোকান-পোহাৰ, যান-বাহন চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷

কলিয়াবৰত অসম বন্ধ সৰ্বাত্মক : শিলঘাট-গুৱাহাটী ৰে'ল অৱৰোধ বন্ধ সমৰ্থকৰ

পুৱাই বন্ধৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহি বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীয়ে বন্ধ কাৰ্যসূচীত অংশগ্ৰহণ কৰা  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, কলিয়াবৰ জিলা সমিতিৰ সভাপতি প্ৰদীপ লস্কৰ, সাধাৰণ সম্পাদক দিপুমণি বৰা, চন্দন শইকীয়া, দেৱ দত্তৰ লগতে সদৌ অসম গ্ৰামীণ শ্ৰমিক পৰিষদ, কলিয়াবৰ সম্পাদক দিতুমণি গগৈকে ধৰি অৰ্ধশতাধিক বন্ধ সমৰ্থকক আটক কৰে ।

Your Comments