বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম
জাতিধবংসী নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত ৪৬টা জাতীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সমগ্ৰ অসমৰ লগতে ধুবুৰী জিলাৰ বিলাসীপাৰাতো সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।
উক্ত বন্ধ সফল কৰাৰ উদ্দেশ্যে ৰাজপথলৈ ওলাই অহা কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ ৬গৰাকী কৰ্মীক আৰক্ষীয়ে আটক কৰি বিলাসীপাৰা থানালৈ আনে । আটকাধীন কৰ্মীসকলৰ ভিতৰত আছে ছফিয়ৰ ৰহমান আহমেদ, ছাদ্দাম হুছাইন, আশ্ৰাফুল ইছলাম, ছবুৰা খাতুন, ছাদ্দাম হুছাইন আৰু অনোৱাৰ হুছাইন ।
বিলাসীপাৰা থানাত আটকাধীন অৱস্থাৰ পৰাই তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক বিন্দু তেজ থকালৈকে এই আইন কোনো পধ্যেই গৃহীত হবলৈ দিয়া নহ'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।
প্ৰয়োজন সাপেক্ষে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কৰ্মীয়ে জীৱন দিয়াৰ বাবে বাধ্য হ'ব বুলিও তেওঁলোকে কয় ।
- Log in to post comments
- 6 views