গোলাঘাটত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

গোলাঘাটত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা কৰি অসমৰ অৰ্ধশতাধিক জাতীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ গোলাঘাটত পূৰামাত্ৰাই পৰে । চহৰখনৰ বাটা পইণ্টকে আদি কৰি বিভিন্ন ঠাইত সংগঠনসমূহৰ কৰ্মীসকলে একগোট হৈ টায়াৰ আদি জ্বলাই বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ' বেক আদি শ্লোগানেৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

বন্ধৰ প্ৰভাৱত চহৰখনৰ সকলো দোকান-পোহাৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰাৰ লগতে খুচুৰা মাছৰ বজাৰত কিছু দোকান খোলা ৰখাত ছাত্ৰ-কৰ্মীসকলে বন্ধ কৰিবলৈ বাধ্য কৰায় । গোলাঘাটৰ সকলো ৰাইজে বন্ধ সমৰ্থন কৰি দিয়া পূৰ্ণ সঁহাৰিত গোলাঘাটত এক গোমা পৰিবেশে বিৰাজ কৰে ।

ইফালে গোলাঘাটৰ পদুমনি অঞ্চলত মদমুক্ত দাবী সমিতি, অসমৰ সভাপতি প্ৰবীণ দাসক প্ৰতিবাদস্থলীৰ পৰা গ্ৰেপ্তাৰ কৰে । ইয়াৰোপৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-কৰ্মীয়ে পুৰাবাংলাৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
 

Your Comments