লংকাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লংকাতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

লংকাৰ পৰা মনোজ কুমাৰ পাঠক

অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৬০টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ ফলত সৰু-সুৰা ব্যক্তিগত যান-বাহনৰ বাহিৰে লংকা তথা লংকাৰ পাৰ্শ্বৱৰ্তী এলেকা কাকী, নখুঁটি, উদালী তিনিআলি, বামুণগাঁৱত বন্ধ সৰ্বাত্মক হোৱা পৰিলক্ষিত হয় ৷

স্তব্ধ হৈ পৰে  যান-বাহনৰ চলাচল । বন্ধ হৈ পৰে অধিকসংখ্যক দোকান-পোহাৰ । লংকাত আজি মঙলবৰীয়া সপ্তাহিক বজাৰ যদিও নগাঁও তথা বিভিন্ন অঞ্চলৰ পৰা যান-বাহন চলাচল নোহোৱাত বজাৰো সেৰেঙা হৈ পৰে

৷আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লংকাৰ তিনিআলিত পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
 

Your Comments