নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আজি ৰাজ্যৰ ৪৬টাকৈ জাতীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ত বঙাইগাঁৱত অৰ্ধশতাধিক প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে ৷
বঙাইগাঁও চহৰৰ বৰপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি, আক্ৰাছু, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কলিতা ছাত্ৰ সন্থা আদিকে ধৰি কেবাটাও সংগঠনৰ নেতা-কৰ্মীয়ে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি বাহনত উঠাই থানালৈ লৈ যায় ৷
আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ৰাজপথত টায়াৰ জ্বলোৱাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰে ৷ আৰক্ষীয়ে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক নন্দন দেৱ নাথ, জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ উপদেষ্টা ব্ৰজেন বৰুৱা, কলিতা ছাত্ৰ সন্থাৰ জিলা সভাপতি নীলমণি কলিতা, সাধাৰণ সম্পাদক দ্বীপজ্যোতি কলিতা আদিকে ধৰি প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে আটক কৰি নিয়ে ৷
একাংশ প্ৰতিবাদকাৰী ৰাজপথত বহি লৈ প্ৰতিবাদ কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে উঠাইলৈ যায় ৷ সংগঠনকেইটাৰ জিলা নেতৃত্বই কয় যে এই বিধেয়ক কোনোপধ্যেই আমি মানি নলওঁ আৰু বিজেপি চৰকাৰে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমত হিন্দু বাংলাদেশীক আনি নাগৰিকত্ব প্ৰদান কৰে তেতিয়াহ'লে অসমৰ পৰিস্থিতি ভয়াৱহ আৰু ৰক্তাক্ত হ'ব ৷ উল্লেখ্য যে বন্ধৰ প্ৰভাৱ বঙাইগাঁৱত সৰ্বাত্মক ৰূপত পৰে ৷
- Log in to post comments
- 51 views