দেশৰ দীৰ্ঘতম ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ সিদ্ধান্তক আদৰণি ইউ ডি এফৰ

দেশৰ দীৰ্ঘতম ধুবুৰী-ফুলবাৰী দলং নিৰ্মাণৰ সিদ্ধান্তক আদৰণি ইউ ডি এফৰ

ধুবুৰী-ফুলবাৰীৰ মাজত নিৰ্মাণ হ'ব দেশৰ দীৰ্ঘতম দলং ৷ ১৯.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰে নিৰ্মাণ হ'বলগীয়া দলংখন সম্পৰ্কে প্ৰকাশিত বাতৰিত সন্তোষ প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ কয় যে এ আই ইউ ডি এফ দলে জন্মলগ্নৰে পৰা এই দলংখনৰ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰি আহিছে । এই সিদ্ধান্তক আদৰণীয় বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে ইউ ডি এফে সংসদৰ ভিতৰে-বাহিৰে সৰ্বাধিকবাৰ সংসদৰ বিতৰ্কত অংশ লোৱাৰ লগতে স্মাৰক-পত্ৰযোগে ইয়াৰ দাবী উত্থাপন কৰি আহিছিল ।

এই দলং নিৰ্মাণৰ ফলত অসম আৰু মেঘালয়ৰ এক বৃহৎ অঞ্চলৰ লোক উপকৃত হ'ব । লগতে উক্ত দলং নিৰ্মাণত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ আৰ্থ-সামাজিক উন্নতিৰ ক্ষেত্ৰত বিশেষ পৰিবেশ সৃষ্টি হ'ব ।

তদুপৰি, শেহতীয়াকৈ চৰকাৰক এই দলং ধুবুৰীৰ দক্ষিণ শালমাৰা অঞ্চলৰ কাষেদি নিৰ্মাণ কৰিবলৈ পত্ৰযোগে অৱগত কৰোৱা বুলিও উল্লেখ কৰে ৷ কাৰণ এই অঞ্চলটোৰ কাষেদি দলংখন নিৰ্মাণ হ'লে সম্প্ৰতি হৈ থকা গৰাখহনীয়া প্ৰতিৰোধ হোৱাৰ লগতে এক বিশাল অঞ্চলৰ লোক গৰাখহনীয়াৰ কবলৰ পৰা ৰক্ষা পৰিব বুলি মন্তব্য কৰি আৰু আজমলে কয় যে এই দলং নিৰ্মাণে যাতায়াতৰ সময় যথেষ্ট হ্ৰাস কৰিব ৷

প্ৰেছ বিবৃতিযোগে মৌলানা বদৰুদ্দিন আজমলে দলংখন নিৰ্মাণত চৰকাৰে যাতে ক্ষিপ্ৰতাৰে কাম হাতত লয় তাৰ বাবেও আহ্বান জনায় ।

Your Comments