গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অসমৰ ৪৬টাকৈ সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধ সফল কৰাৰ প্ৰয়াসেৰে আজি গোলাঘাটৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্যালয়ত একত্ৰিত হয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে কৰি বহুকেইটা সংগঠন ।
শাসক শ্ৰেণীৰ শোষণ নীতিৰ অৱসান ঘটাবলৈ, অসমীয়া ভাষা-সংস্কৃতিৰ সংকট তথা জাতি ৰক্ষাৰ স্বাৰ্থত জনোৱা এই ১২ ঘণ্টীয়া অসম বন্ধ সফল কৰিবলৈ গোলাঘাটৰ সকলো ৰাইজকে আহ্বান জনায় ।
লগতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা কোনো বিদেশীৰ বোজা অসমে গ্ৰহণ নকৰে বুলিও হুংকাৰ দিয়ে । অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত এই বন্ধৰ সফলতা খুবেই প্ৰয়োজন বুলিও উল্লেখ কৰে বিভিন্ন সংগঠনৰ ছাত্ৰ নেতাসকলে ।
অৱশ্যে মেডিকেল সংক্ৰান্তীয়, স্কুল-কলেজৰ পৰীক্ষা, বিদ্যুৎ বিভাগ আদিৰ কৰ্তব্যত এই বন্ধৰ প্ৰভাৱ নপৰে বুলিও উল্লেখ কৰে ।
- Log in to post comments
- 11 views