ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ২৬সংখ্যক ৰাজ্যিক সমাৰোহখনি অহা ২৩ অক্টোবৰৰ পৰা ২৬ অক্টোবৰলৈ মাজুলীত অনুষ্ঠিত হ'ব । অসমৰ প্ৰতিখন জিলাৰে প্ৰতিনিধিক সামৰি প্ৰায় ৩০০ শিশু বিজ্ঞানীৰ লগতে তেওঁলোকৰ বিজ্ঞান গুৰুসকলে অংশগ্ৰহণ কৰিবলগা ৰাজ্যিক পৰ্যায়ৰ এই বাৰ্ষিক শিশু বিজ্ঞান সমাৰোহ সাফল্যমণ্ডিত কৰিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।
ৰাজ্যখনৰ ভৱিষ্যতৰ বৈজ্ঞানিক বাতাৱৰণক সমৃদ্ধ কৰাৰ বাবে উপযুক্ত আধাৰ গঢ়াত উদগনি যোগোৱাৰ মহৎ উদ্দেশ্যৰে আয়োজিত এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণৰ বাবে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা শিশু বিজ্ঞানী, বিজ্ঞান গুৰু, কৰ্মকৰ্তা তথা প্ৰতিনিধিসকল অহা ২৩ অক্টোবৰত নদীদ্বীপ জিলাখনলৈ আহিব ।
কিন্ত সেইদিনাই ৰাজ্যখনৰ ৪৬টাকৈ জাতীয় সংগঠনে অসম বন্ধ কাৰ্যসূচীৰ আহ্বান জনোৱাত শিশু বিজ্ঞান সমাৰোহখনিৰ অভ্যৰ্থনা সমিতি যথেষ্ট চিন্তিত হৈ পৰিছে । ৰাজ্যখনত বিজ্ঞান চৰ্চাৰ বাতাৱৰণৰ উত্তৰণৰ লগতে ৰাজ্যৰ অতি সম্ভাৱনাময় শিশু বিজ্ঞানীসকলক অনুপ্ৰাণিত কৰিবলৈ আয়োজন কৰা এই বিজ্ঞান সমাৰোহখনলৈ আহিবলগীয়া শিশু বিজ্ঞানীকে ধৰি প্ৰতিখন জিলাৰ প্ৰতিনিধি দলসমূহক এই বন্ধৰ পৰা সম্পূৰ্ণ ৰেহাই দিবলৈ অসম বন্ধৰ উদ্যোক্তা জাতীয় সংগঠনসমূহৰ নেতৃবৰ্গক অভ্যৰ্থনা সমিতিয়ে বিনম্ৰ অনুৰোধ জনাইছে ।
মাজুলীৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ আহিবলগা জিলাসমূহৰ প্ৰতিনিধি দলসমূহৰ বেনাৰ লগোৱা বাহনসমূহ অহা ২৩ অক্টোবৰৰ বন্ধ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়াৰ বিষয়টো ইতিবাচকভাৱে বিবেচনা কৰিবলৈ সংশ্লিষ্ট জাতীয় সংগঠনসমূহৰ প্ৰতি আজি এক বিবৃতিৰ জৰিয়তে মুকলি অনুৰোধ জনায় অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক ডঃ নাৰায়ণ শৰ্মা আৰু প্ৰশান্ত দোলাকাষৰীয়াই ।
ৰাজ্যখনৰ ভৱিষ্যতৰ বৌদ্ধিক বাতাৱৰণলৈ বিশেষ ইতিবাচক অৰিহণা যোগোৱাৰ সম্ভাৱনা বহন কৰা এই ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহখন সাফল্যমণ্ডিত কৰাত জাতীয় সংগঠনসমূহৰ পৰা পূৰ্ণ সহযোগিতা আৰু শুভেচ্ছাও কামনা কৰে অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদকদ্বয়ে ।
- Log in to post comments
- 16 views