চেঙাৰ পৰা সুৰজিৎ পাঠক
সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত আছে হিন্দু বাংলাদেশীক সংস্থাপনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে । তাৰেই অংশস্বৰূপে আজি সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বৃহৎ জোঁৰ সমদল উলিওৱা হয় ।
মাজদিয়া আঞ্চলিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ উদ্যোগত এই সমদল উলিওৱা হয় । চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে মাজদিয়া । জোঁৰ সমদলৰ নেতৃত্ব দিয়ে বৰপেটা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক আশ্ৰাফুল হুছেইনে ।
কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে কেতিয়াও এই বিধেয়ক গৃহীত হ'ব নিদিয়ে বুলি উল্লেখ কৰি আশ্ৰাফুল হুছেইনে কয় যে অহা ২৩ অক্টোবৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিসহ ৪৬টা জনগোষ্ঠীয়-জাতীয় সংগঠনে ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়া হৈছে ।
আজিৰ জোঁৰ সমদলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজদিয়া আঞ্চলিকৰ সভাপতি-সম্পাদক ক্ৰমে ফুলচান খান আৰু হাছান আলী, ছাত্ৰ মুক্তিৰ বৰপেটা জিলা সমিতিৰ সদস্য মহিদুল ইছলামকে ধৰি দুই শতাধিক কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে ।
- Log in to post comments
- 15 views