নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু বঙালী সংগঠনৰ গণ সমাৱেশৰ বিৰোধিতা কৰি আজি সন্ধিয়া বঙাইগাঁও জিলাৰ বইটামাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জোঁৰ সমদল কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ।
সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আজি সন্ধিয়া বইটামাৰীৰ ঢাকনাবাৰীৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হয় । সংগঠনৰ নেতা-কৰ্মীৰ লগতে বহু ৰাইজে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰে সমদল কৰি আহি মলিগাঁও চকত উপস্থিত হয় ।
সমদলকাৰী কলে 'বিধেয়ক বাতিল হ'বই লাগিব', 'বিজেপি চৰকাৰ গ' বেক', 'নৰেন্দ্ৰ মোডী হুঁচিয়াৰ', 'কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ' আদি শ্লোগান দিয়া পৰিলক্ষিত হয় । সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদক নন্দন দেৱনাথে বিজেপি চৰকাৰৰ বিৰূদ্ধে সৰৱ হৈ পৰে ।
কোনোপধ্যেই এই বিধেয়ক গৃহীত হ'বলৈ দিয়া নহ'ব বুলি কৃষক নেতাজনে সকীয়াই দিয়ে । কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহীধৰ ৰায়কে ধৰি সংগঠনৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ।
- Log in to post comments
- 21 views