বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

কমতাপুৰ ৰাজ্য পুনৰ গঠন কৰা, জনজাতিকৰণৰ দাবী সমাধান কৰা আৰু কোচ ৰাজবংশী জনগোষ্ঠীক সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে আগুৱাই নিয়াৰ লগতে কোচ ৰাজবংশী ভাষাক সাংবিধানিক স্বীকৃতিৰ বাবে কোচ ৰাজবংশী জাতীয় মহাসভাই কাম কৰি যাব ৷

এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰিছে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়, কাৰ্যকৰী সভাপতি ডাঃ নিৰ্মল কুমাৰ ৰায় আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মহাসভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

বিবৃতিটোত উল্লেখ কৰা মতে, আজি বঙাইগাঁও চহৰৰ ভাকাৰিভিটাস্থিত কমতাপুৰ ভৱনত কোচ ৰাজবংশী জাতীয় মহাসভাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণী কান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় ৷

সভাত কেবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কমতাপুৰ ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ দাবী শীঘ্ৰে সমাধান কৰিবলৈ কেন্দ্ৰীয় আৰু অসম চৰকাৰক দাবী জনায় ৷ এই সন্দৰ্ভত কোচ ৰাজবংশী জাতীয় মহাসভাৰ প্ৰতিনিধি দল এটাই শীঘ্ৰে অসমৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিব বুলিও কোচ ৰাজবংশী জাতীয় মহাসভাৰ নেতৃত্বই বিবৃতি যোগে জনায় ৷

আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই ৰমলা ৰায় সৰকাৰ, ধৰ্মেশ্বৰ ৰায়ক উপ-সভাপতি, বিনোদ ৰায়, হৰেশ্বৰ ৰাজবংশী আৰু কুসুম্বৰ ৰায়ক সহঃ সাধাৰণ সম্পাদক, মহীধৰ ৰায়ক প্ৰচাৰ সম্পাদক, কমলা কান্ত ৰায়ক শিক্ষা আৰু সাংস্কৃতিক সম্পাদক, গণেশ ৰায়, ৰবীন ধৰ ৰাজবংশীক সাংগঠনিক সম্পাদক আৰু সুৰেশ ৰায়, ভবেশ ৰায়, চণু ৰায়, সৰ্বানন্দ ৰায় আৰু সবিতা সিংহক কাৰ্যনিৰ্বাহক সদস্য হিচাপে মনোনীত কৰি কোচ ৰাজবংশী জাতীয় মহাসভাৰ সমিতিখন বৰ্ধিত কৰে ৷

Your Comments