জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
বিগত কিছুদিন ধৰি বিভিন্ন মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰি অহা বিধায়ক শিলাদিত্য দেৱক গ্ৰেপ্তাৰৰ দাবী জনায় এ আই ইউ ডি এফে । জুৰীয়াৰ কদমনি পথাৰত শনিবাৰে অনুষ্ঠিত এ আই ইউ ডি এফৰ এক কৰ্মীসভাৰ অন্তত আয়োজিত সংবাদমেলত বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে বিজেপিৰ বিৰুদ্ধেও সৰৱ হৈ পৰে এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সম্পাদক নুৰুল আমিন চৌধুৰী । শিলাদিত্যৰ সাম্প্ৰদায়িক মন্তব্যই বৃহত্তৰ অসমীয়া সমাজৰ সাতামপুৰুষীয়া সম্প্ৰীতিত ব্যাঘাত জন্মাব বুলি মন্তব্য কৰি এ আই ইউ ডি এফ নেতাজনে শিলাদিত্য দেৱৰ দৰে নিকৃষ্ট মনৰ বিধায়কক শীঘ্ৰে ভাৰতীয় দণ্ডবিধিৰ অধীনত আটক কৰিবলৈ দাবী জনায় । মূলতঃ বিজেপিৰ অপশাসন ৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছৰ দৰে দলৰ লগত মিত্ৰতা কৰাতো কোনো আপত্তি নাই বুলিও কেন্দ্ৰীয় নেতাগৰাকীয়ে উল্লেখ কৰে সংবাদমেলখনত । আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবেও এ আই ইউ ডি এফ দল তৎপৰ বুলি উল্লেখ কৰে দলটোৰ নেতা নুৰুল অমিন চৌধুৰীয়ে ।
- Log in to post comments
- 25 views