ধৰ্মৰ ভিত্তিত বিদেশীক স্বদেশী কৰিব বিচৰা সকলেই অপশক্তি

ss

'মুখ্যমন্ত্ৰীয়ে অপশক্তিৰে অসমবাসীক যুঁজাৰ কথা কয় ৷ প্ৰথমে অপশক্তি চিনাক্ত কৰক ৷ অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বলবৎ কৰি বিদেশীক ধৰ্মৰ ভিত্তিত স্বদেশী কৰিব বিচৰা শক্তিসমূহেই অপশক্তি৷ অসমৰ সুকীয়া সংস্কৃতিৰ পৰিচায়ক সত্ৰ নগৰী মাজুলীত বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি প্ৰস্তাৱ গ্ৰহণ কৰি অসমীয়াক চূড়ান্ত অপমান আৰু প্ৰতাৰণা কৰিছে ৷ জাতীয় নায়কৰ উপস্থিতিত নাগৰিকত্ব আইনৰ সমৰ্থন আৰু সপক্ষে প্ৰচাৰ চলোৱাৰ বাবে বিজেপিয়ে লোৱা সিদ্ধান্তই অসমৰ সমুখত এখন ভয়াবহ ছবি ডাঙি ধৰিছে ৷'

এই বক্তব্য বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াৰ ৷ কংগ্ৰেছ নেতা শইকীয়াই কয় যে- অলপতে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে উল্লেখ কৰা - ভোট ল'বলৈ বিজেপিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল বুলি কোৱা কথাষাৰে বিজেপিৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগানৰ যে কোনো মূল্য নাই ইয়াকে প্ৰতিপন্ন কৰিছে ৷ ২০১৬ চনৰ মাৰ্চ মাহত আছুয়ে নাগৰিকত্ব বিধেয়ক আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল আৰু ৩ মাৰ্চত অগপ আৰু বিজেপিৰ নিৰ্বাচনী মিত্ৰতা আনুষ্ঠানিকভাৱে সম্পন্ন হৈছিল ৷ অগপয়ে দলৰ অস্তিত্বৰ বাবে মিত্ৰতা প্ৰয়োজন বুলি কৈছিল ২০১৬ চনত ৷

এতিয়া অসমৰ অস্তিত্বক গুৰুত্ব দিব নে দলৰ অস্তিত্বক দিব ? আমি জানিব বিচাৰো ৷ এই কথা কাৰো অজ্ঞাত নহয় যে- আৰ এছ এছয়ে বিজেপি দলৰ নীতি নিৰ্ধাৰণ কৰে  আৰু সেই বিজেপি দলৰ লগত একেখন ঠালীত একেলগে বহি ক্ষমতাৰ ভাগ বটোৱাৰা কৰি আছে ৷ তেনেক্ষেত্ৰত, অগপ দলে তেওঁলোকৰ সিদ্ধান্ত ৰাইজক জনোৱা উচিত যে- জাতি-মাটি ৰক্ষাৰ স্বাৰ্থ তনে জাতি মাটিৰ ধ্বংসৰ স্বাৰ্থ তআছিল এই মিত্ৰতা ? আমাৰ বোধেৰে অগপৰ বাবে এয়াই সঠিক সময় জনসাধাৰণক প্ৰমাণ দিয়াৰ যে তেওঁলোক আৰ এছ এছৰ কথা মতে উথা বহা কৰি থকা নাই ৷

শইকীয়াই আহ্বান জনায় কয়- অগপ গণ পৰিষদ দলে সংশোধনী বিধেয়কখন লোকসভাৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা উচিত ৷ নহ'লে সংখ্যাগৰিষ্ঠতাৰ জোৰত এই বিলখন গ্ৰহণ হোৱাৰ পিছত বিজেপিৰে মিত্ৰতা ভংগ কৰিলে অগপয়ে মন্ত্ৰীত্ব আৰু বিভিন্ন নিগমৰ অধ্যক্ষ পদ হেৰুওৱাৰ উপৰিও অসমৰ প্ৰতি অন্যায় কৰিব ৷ যি অন্যায় এই বিলখনে আনিব ৷ কিন্তু এতিয়া সংগ ত্যাগ কৰিলে আমি সকলোৱে অসম ৰক্ষা কৰিব পাৰিম ৷

Your Comments