ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি

ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ

বিশ্বখ্যাত এশিঙীয়া গঁড়ৰৰ বিচৰণ ভূমি ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আজি পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে । ২০১৮-১৯ বৰ্ষৰ বাবে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পুৱা প্ৰায় ৭ বজাত কঁহৰা মিহিৰ মুখৰ প্ৰৱেশদ্বাৰৰ ফিটা কাটি  দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে ।

ইয়াৰ পাছতে বাগৰিৰ জীপ ছাফাৰীৰ শুভ উদ্বোধন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । লগে লগে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, কৃষি মন্ত্ৰী অতুল বৰা, পৰ্যটন উন্নয়ন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, উপাধ্যক্ষ নৱদীপ কলিতা, বিধায়ক ৰণোজ পেগুৱে জীপ ছাফাৰিৰে উদ্যানৰ ভিতৰৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে ।

শুভ উদ্বোধনী অনুষ্ঠানটিত কঁহৰা চাৰিআলিৰ পৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে প্ৰায় এক কিলোমিটাৰ পথ  শোভাযাত্ৰা কৰি গৈ  জীপ ছাফাৰিৰ কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী অতুল বৰা, পৰ্যটন উন্নয়ন বিভাগৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, উপাধ্যক্ষ নৱদীপ কলিতা, বিধায়ক ৰণোজ পেগু আৰু প্ৰধান মুখ্য বন সংৰক্ষক এছ কে শ্ৰীবাস্তৱক একোখনকৈ গামোচাৰে আদৰণি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদীপ বৰুৱাই ।

সভাত মন্ত্ৰী কেশৱ মহন্তই কাজিৰঙা ৰাষ্ট্ৰী উদ্যানৰ খহনীয়া ৰোধৰ বাবে ঘোষণা কৰা ১০০ কোটি টকাৰ কাম অহা ২৪ অক্টোবৰৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰে । আজিৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ ভিৰ দেখিবলৈ পোৱা যায় ।

Your Comments