উচ্চ ৰক্তচাপত আক্ৰান্ত সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীৰ অৱস্থা সংকটজনক 

উচ্চ ৰক্তচাপত আক্ৰান্ত সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীৰ অৱস্থা সংকটজনক 

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীৰ নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা সংগীত নাটক অকাডেমি বঁটাপ্ৰাপ্ত কোষকান্ত দেৱগোস্বামী উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ।

জানিব পৰা মতে, স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে সত্ৰাধিকাৰ কোষকান্ত দেৱগোস্বামীৰ । আই চি ইউত ভৰ্তি থকা সত্ৰাধিকাৰজনৰ স্বাস্থ্যৰ সন্দৰ্ভত খবৰ লাভ কৰি এতিয়া উদ্বিগ্ন হৈ পৰিছে সত্ৰখনৰ লগতে সমগ্ৰ মাজুলীবাসী । 

উল্লেখ্য যে যোৱা ৪ অক্টোবৰত উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হোৱাত যোৰহাটত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৱা ৫ অক্টোবৰত গুৱাহাটীৰ জি এন আৰ চিলৈ প্ৰেৰণ কৰা হয় দেৱগোস্বামীক ।

চিকিৎসকৰ মতে এতিয়াও বিপদমুক্ত নহয় সত্ৰাধিকাৰগৰাকী । মুখাশিল্পী হিচাপে সুখ্যাতি থকা দেৱগোস্বামীয়ে মুখাশিল্প কৰ্মৰ বাবেই ২০০৩ চনত সংগীত-নাটক অকাডেমিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ।

তেওঁ নিজকে সত্ৰাধিকাৰৰ দায়িত্বতেই সীমাবদ্ধ নাৰাখি বহুতো বিৰল সৃষ্টিকৰ্ম উপহাৰ দিছিল ৰাজ্যবাসীক । আনকি মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছিল সত্ৰাধিকাৰগৰাকীয়ে ।

সংগীত-নাটক অকাডেমিৰ বঁটাৰ উপৰি তেওঁক ২০১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটাৰে সন্মানিত কৰা হৈছিল । বৰ্তমান তেওঁৰ আৰোগ্য কামনা কৰি ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে প্ৰাৰ্থনা সভা ।

সত্ৰীয়া শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সহায়ৰ আহ্বান জনাইছে মাজুলীৰ বিভিন্ন দল-সংগঠনে ।

Your Comments