মাজুলীৰ কমলাবাৰীত উপস্থিত হ'ল অত্যাধুনিক ৰ'-ৰ' জাহাজ

মাজুলীৰ কমলাবাৰীত উপস্থিত হ'ল অত্যানুধিক ৰ'-ৰ' জাহাজ

মাজুলীৰ পৰা ৰাজীৱ পাতিৰ

মাজুলীবাসীৰ সপোনৰ বহু চৰ্চিত অত্যাধুনিক জাহাজ ৰ'-ৰ'খন আজি পুৱা ৮ বজাত মাজুলীৰ কমলাবাৰী ঘাটত উপস্থিত হয় । ইয়াৰ লগে লগে মাজুলী আৰু যোৰহাটৰ মাজত যান-বাহন, বিভিন্ন সামগ্ৰী তথা যাত্ৰীসকলৰ পাৰাপাৰ কৰাৰ ক্ষেত্ৰত থকা সমস্যাৰ কিছু সমাধানৰ দিশত অগ্ৰসৰ হৈছে ।

মাজুলীৰ কমলাবাৰীত উপস্থিত হ'ল অত্যানুধিক ৰ'-ৰ' জাহাজ

উল্লেখ্য যে বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু অত্যাধুনিক কৰি তোলাৰ বাবে ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে অহা ১১ অক্টোবৰ, ২০১৮ৰ পৰা কমলাবাৰী-নিমাতীঘাটৰ মাজত আৰম্ভ হ'ব অত্যাধুনিক ৰ'-ৰ' জাহাজৰ চলাচল।

"এম ভি ভূপেন হাজৰিকা" নামৰ এই ৰ'-ৰ' জাহাজখনৰ সেৱা সেইদিনা দুপৰীয়া ২ বজাত মাজুলীৰ কমলাবাৰীঘাটৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্য মন্ত্ৰীয়ে । আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি মাজুলীত প্ৰকাশ কৰা মতে, একেবাৰতে শতাধিক যাত্ৰীৰ উপৰি ২৫ টনকৈ সামগ্ৰী পৰিবাহী ৮খন ট্ৰাক (বা ২৫খন সৰু গাড়ী) পাৰাপাৰ কৰাৰ বহন ক্ষমতা থকা এই ৰ'-ৰ' জাহাজখন দীঘলে ৪৬.৫০ মিটাৰ আৰু বহলে ১৩.৩০ মিটাৰ ।

সম্পূৰ্ণ ষ্টীলেৰে নিৰ্মিত ৰ'-ৰ' জাহাজখনত এটা মূল ইঞ্জিনৰ লগতে দুটা অতিৰিক্ত ইঞ্জিনৰ ব্যৱস্থা আছে । ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰি দিয়া এম ভি ভূপেন হাজৰিকা ৰ'-ৰ' জাহাজখন ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অধীনত কমলাবাৰী-নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ চলাচল কৰিব । এই ৰ'-ৰ' জাহাজখনৰ গতিবেগ হ'ব ঘণ্টাত ১০.৭৫ নট্ ।

Your Comments