মৰিগাঁৱত গুণোৎসৱত অংশ ল'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য আৰু পল্লৱলোচন দাসে

মৰিগাঁৱত গুণোৎসৱত অংশ ল'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য আৰু পল্লৱলোচন দাসে

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

কালিৰে পৰা ৰাজ্যৰ ১৬খন জিলাৰ বিদ্যালয়ত অনুষ্ঠিত হৈ থকা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত আজি মৰিগাঁৱৰ গুণোৎসৱত অংশগ্ৰহণ  কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য আৰু মন্ত্ৰী পল্লৱলোচন দাসে ।

জিলাখনৰ অতি পুৰণি জাগীৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰী ভট্ৰাচাৰ্যই ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বুজ লয় । শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্ম সম্পাদন কৰি যাবলৈ পৰামৰ্শ দিয়ে ।

মৰিগাঁৱত গুণোৎসৱত অংশ ল'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য আৰু পল্লৱলোচন দাসে

ইফালে মৰিগাঁৱৰ কেইবাখনো বিদ্যালয়ত মন্ত্ৰী পল্লৱলোচন দাস উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিনিময় কৰাৰ লগতে জিলাখনৰ জালুগুটি উচ্চ মাধ্যমিক বিদ্যালয় পৰিদৰ্শন কৰে ৷

মন্ত্ৰী দাসে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ, আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰি বিদ্যালয় চৌহদত গছপুলিও ৰোপণ কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহক পৰ্যায়ক্ৰমে প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Your Comments