জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰা
ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া দ্ৰুত গতিত চলি থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহীহাটত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য চুৰিৰ ঘটনা । ৰূপহীহাট ৰাজহ চক্ৰ বিষয়াগৰাকীৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ৬২৬/১৮ নম্বৰৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ৰূপহীহাট আৰক্ষীয়ে আটক কৰে উত্তৰ খাটোৱালৰ ৩জনকৈ এন আৰ চিৰ কৰ্মচাৰীক ।
বিষয়াগৰাকীয়ে উত্তৰ খাটোৱাল এন আৰ চিৰ এলেকাধীন এটি পৰিয়ালৰ গুণগত মান নিৰ্ণয় কৰি নাকচ কৰা গুৰুত্বপূৰ্ণ নথি চুৰি কৰাৰ অভিযোগত আটক হৈছে ইদ্ৰিছ আলী, নুৰ আহমদ আৰু বাছিদুল হাছান নামৰ কৰ্মচাৰীকেইজন ।
ইয়াৰে আটকাধীন নুৰ আহমদ আৰু ইদ্ৰিছ আলী শিক্ষক হোৱাৰ বিপৰীতে বাছিদুল হাছান এন আৰ চি সেৱা কেন্দ্ৰটোৰ কম্পিউটাৰ সহায়ক আছিল । জুৰীয়াস্থিত ৰূপহী ৰাজহ চক্ৰ বিষয়া দৰ্শনা চেতিয়াই নাকচ কৰা নথি চুৰি কৰি অবৈধ উপায়েৰে এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত তিনিওকে আটক কৰে ৰূপহীহাট আৰক্ষীয়ে ৷
অৱশ্যে এই সমগ্ৰ চুৰিকাণ্ড সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তিনি ধৃতৰ ওপৰত জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট থানাত ৷ ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত অতি ৰহস্যজনকভাৱে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্যই আগ নবঢ়ালে ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ।
- Log in to post comments
- 20 views