ন্যাসৰ অধীনলৈ নিয়াৰ প্ৰচেষ্টা মধুপুৰ সত্ৰক : পৰিচালনা সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ

ন্যাসৰ অধীনলৈ নিয়াৰ প্ৰচেষ্টা মধুপুৰ সত্ৰক : পৰিচালনা সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ

মধুপুৰৰ পৰা ৰনজিৎ তালুকদাৰ 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পুণ্য ভূমি পশ্চিমবঙ্গৰ কোচবিহাৰৰ মধুপুৰত অৱস্থিত মধুপুৰ সত্ৰক কেইজনমান স্বাৰ্থান্বেষী লোকে এটি ন্যাস গঠন কৰি নিজৰ অধীনলৈ নিয়াৰ চক্ৰান্ত চলোৱাৰ সম্ভেদ পোৱাত জাঙুৰ খাই উঠিছে মধুপুৰ সত্ৰ পৰিচালনা সমিতি আৰু ৰাইজ ৷

এই কাৰ্যৰ প্ৰতিবাদত সেয়ে যোৱা ৬ অক্টোবৰত সত্ৰখনিৰ প্ৰেক্ষাগৃহত এখনি বিশেষ সভা অনুষ্ঠিত হয় ৷ মধুপুৰ সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত সম্পাদক কুমাৰ দাসে এই কথা ফাদিল কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে৷

ন্যাসৰ অধীনলৈ নিয়াৰ প্ৰচেষ্টা মধুপুৰ সত্ৰক : পৰিচালনা সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ

বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী, মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, হৰিপুৰ-মাধৱপুৰ সত্ৰৰ সত্ৰাধিকাৰ অখিল আতৈ আৰু মধুপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ পীতাম্বৰ আতৈকে ধৰি অসম আৰু পশ্চিমবঙ্গৰ ভালেমান ভক্তপ্ৰাণ ৰাইজ উপস্থিত থকা সভাখনিত এই সম্পৰ্কত বিতং আলোচনা কৰা হয় ৷

সভাত হোৱা বিতং আলোচনাৰ অন্তত কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি কেইজনমান লোকে নিজৰ স্বাৰ্থ সিদ্ধি আৰু মধুপুৰ সত্ৰত থকা বিশাল সম্পত্তিৰ লোভত এটি ন্যাস গঠন কৰি তেওঁলোকৰ অধীনলৈ নিয়াৰ চক্ৰান্তৰ তীব্ৰ প্ৰতিবাদ জনায় ৷

ন্যাসৰ অধীনলৈ নিয়াৰ প্ৰচেষ্টা মধুপুৰ সত্ৰক : পৰিচালনা সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ

কিয়নো প্ৰতিষ্ঠাকালৰ পৰা মধুপুৰ সত্ৰ পৰিচালনা সমিতিখন পঞ্জীয়নভুক্ত সমিতি ৷ সমিতিখনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহা আৰু সেই সময়ৰ ৰাজহ মন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী ৷

সেইমৰ্মে বৰ্তমানলৈকে মধুপুৰ সত্ৰ পৰিচালনা সমিতিখন সুন্দৰকৈ চলি আহিছে আৰু যথেষ্ট উন্নয়নমূলক কামত ব্ৰতী হৈ আহিছে ৷ মধুপুৰ সত্ৰ কোনো পৰিয়ালকেন্দ্ৰিক বা মুষ্টিমেয় কেইজনমান লোকৰ সত্ৰ নহয় ৷ ই গণতান্ত্ৰিকভাৱে চলি অহা সত্ৰ ৷

সত্ৰাধিকাৰ ইয়াৰ গৰাকী নহয়, ৰখীয়াহে ৷ "মধুপুৰ সত্ৰ ন্যাস" নামৰ পাবত গজা অনুষ্ঠানটোৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই ৷ সভাখনিত মধুপুৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ সত্ৰাধিকাৰসকলক মধ্যমণি হিচাপে লৈ আৰু স্থানীয় লোকসকলক লৈ এখনি তদাৰকী সমিতি গঠনৰ লগতে মধুপুৰ সত্ৰ আৰু উত্তৰবঙ্গৰ সত্ৰসমূহত সত্ৰীয়া কলা-সংস্কৃতিৰ বিকাশৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷

ন্যাসৰ অধীনলৈ নিয়াৰ প্ৰচেষ্টা মধুপুৰ সত্ৰক : পৰিচালনা সমিতি আৰু ৰাইজৰ তীব্ৰ প্ৰতিবাদ

সত্ৰাধিকাৰসকলৰ উপৰি কাৰ্তিক তালুকদাৰ, ডাঃ হৰেন চৌধুৰী, বনমালী পাঠককে আদি কৰি ভালেকেইজন বক্তাই ভাষণ প্ৰদান কৰা সভাখনিত বৰপেটাৰ উদ্ধৱ চন্দ্ৰ দাসে লিখা "সমাজ বিজ্ঞানৰ জনক কোন ?" নামৰ গ্ৰন্থখনি উন্মোচন কৰা হয় ৷

শেষত সভাপতিয়ে সত্ৰৰ অনাকাংক্ষিত পৰিস্হিতিৰ অৱসান ঘটাবলৈ ধৰ্মপ্ৰাণ ৰাইজৰ সতোপদেশ আৰু সু-পৰামৰ্শ বিচাৰি সত্ৰৰ এটি সুস্থ পৰিবেশ গঢ়াৰ আহ্বান জনায় ৷

Your Comments