বৰপেটাৰোডৰ পৰা ৰনজিৎ তালুকদাৰ
ঐতিহাসিক অসমীয়া ভাষা আন্দোলনত ১৯৭২ চনত ছহিদ হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা নগাঁও কলেজৰ সাধাৰণ সম্পাদক, নগাঁৱৰ পলাশনি গাঁৱৰ অনিল বৰা আৰু মঙলদৈৰ হাইস্কুলীয়া ছাত্ৰ মোজাম্মিল হক ৷
এই দুয়োগৰাকী মহান ছহিদৰ স্মৃতিত উক্ত চনতে বৰপেটাৰোডত সেই সময়ৰ কেইজনমান উদ্যোগী যুৱকৰ প্ৰচেষ্টাত গঠন কৰা হৈছিল অনিল-মোজাম্মিল স্মৃতি সংঘ ৷ দেওবাৰে সন্ধিয়া অনিল-মোজাম্মিল স্মৃতি সংঘৰ উদ্যোগত দুয়োগৰাকী ছহিদৰ পবিত্ৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় ৷
বৰপেটাৰোডৰ উপ-পৌৰপতি ফুলেন দাসে ছহিদ দুগৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ জয়ন্ত কুমাৰ দাসে আঁতধৰা স্মৃতিচাৰণ সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বনমালী পাঠকে ভাষা আন্দোলনৰ ইতিহাস দাঙি ধৰি কয়- বৰপেটাৰোডৰ পৰাই আৰম্ভ হৈছিল ভাষা আন্দোলন ৷
সেই সময়ত বৰপেটাৰোডকে আদি কৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অসমীয়া ভাষাই সংকটত পৰা উপলব্ধি কৰি কেইজনমান সমাজ সচেতক যুৱকে বৰপেটাৰোডৰ বাছষ্টেণ্ডত এখনি সভাৰ আয়োজন কৰিছিল ৷
উক্ত সভাতে অসমীয়া ভাষাক সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ দাবী তুলিছিল ৷ পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া পাই গোটেই বিষয়টোৱে আন্দোলনৰ ৰূপ লৈছিল ৷ যাক পিছত ভাষা আন্দোলন বা মাধ্যম আন্দোলন বুলি সৰ্বত্ৰে জনাজাত হৈছিল ৷
এই আন্দোলনৰ লগত এক আত্মিক সমন্ধ থকাৰ বাবেই অনিল বৰা আৰু মোজাম্মিল হকৰ মৃত্যুৰ কিছু দিন পিছতে গঠন কৰা হৈছিল অনিল-মোজাম্মিল স্মৃতি সংঘ ৷ সভাখনিত বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে অসমত চৰকাৰী ভাষা আইনখনি এতিয়াও প্ৰকৃতাৰ্থত প্ৰয়োগ ৰাজ্য চৰকাৰে নকৰাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে ৰূপায়ণৰ দাবী তোলে ৷
সভাত জাহিদুল ইছলাম মিৰ্ধা, অৰূপ বায়ন আৰু অনিল জেনাই বক্তব্য প্ৰদান কৰি অসমীয়া ভাষাৰ প্ৰসাৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে আটাইকে অসমত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷
সভাৰ শেষত অনিল-মোজাম্মিল স্মৃতি সংঘৰ প্ৰতিষ্ঠাপক সদস্য কিশোৰী দাস আৰু সম্পাদক বুবুল ডেকাই আটাইকে শলাগৰ শৰাই আগবঢ়ায় ৷
- Log in to post comments
- 103 views