বৰপেটাৰোডত ৰাজেশ জালানৰ মদৰ গুদাম ছীল : পলাতক ৰফিকুল ইছলাম

বৰপেটাৰোডত ৰাজেশ জালানৰ মদৰ গুদাম ছীল : পলাতক ৰফিকুল ইছলাম

বৰপেটাৰোডৰ পৰা ৰণজিৎ তালুকদাৰ

সুৰা মাফিয়া ৰাজেশ জালানৰ সৈতে নিজৰ বণ্ডেড ৱেৰহাউছ (মদৰ গুদাম)ৰ পৰা আবকাৰী ৰাজহ ফাঁকি দি সুৰাৰ ব্যৱসায় কৰা বৰপেটাৰোডৰ ৰফিকুল ইছলামৰ বৰপেটাৰোডৰ খৈৰাবাৰীৰ বাসভৱন, গেছ এজেন্সী আৰু বণ্ডেড ৱেৰহাউছটোত ই ডিৰ দহজনীয়া দল এটাই দেওবাৰে  পুৱাৰে পৰা প্রায় ১০ ঘণ্টা তালাচী চলাই বৃহৎ পৰিমাণৰ নথি-পত্ৰ, বেংক পাছবুক আদি জব্দ কৰে আৰু মদৰ গুদামটো ছীল কৰে ৷কিন্ত ৰফিকুল ইছলামক গ্রেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল ৷

কিয়নো ৰাজেশ জালানক গ্রেপ্তাৰৰ লগে লগে নিজৰ বিপদ সংকেত লাভ কৰি দুদিন পূর্বে পলায়ন কৰি বর্তমান আত্মগোপন কৰিছে ৰফিকুল ইছলামে ৷ উল্লেখ্য যে ৰফিকুল ইছলাম হ’ল বৰপেটাৰোডৰ কংগ্রেছ নেতা তথা জিলা পৰিষদৰ প্রাক্তন সদস্য মোজাম্মিল হকৰ ভাতৃ ৷

ইপিনে ৱেৰহাউছটোৰ দায়িত্বত থকা আবকাৰী বিষয়া ভূমি দাসক ই ডিৰ দলটোৱে যোগাযোগ কৰাত তেওঁ বাহিৰত থকা বুলি অৱগত কৰি মোবাইল ফোন বন্ধ কৰি দিয়ে ৷

ৰফিকুল ইছলাম আৰু ভূমি দাসৰ এনে ৰহস্যজনক ভূমিকাত ৰাজহ ফাঁকিৰ বিষয়টো অধিক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে ।

Your Comments