দেশৰ ভিতৰতে সৰ্বাধিক ভেজাল ঔষধৰ ৰাজ্য অসম : দুৰ্নীতিবিৰোধী যুৱ-শক্তি

দেশৰ ভিতৰতে সৰ্বাধিক ভেজাল ঔষধৰ ৰাজ্য অসম : দুৰ্নীতিবিৰোধী যুৱ-শক্তি

''দেশৰ ভিতৰতে সৰ্বাধিক ভেজাল ঔষধৰ ৰাজ্য হ'ল অসম ৷ এন এইচ এমৰ জৰিয়তে প্ৰদান কৰা দৰৱৰ প্ৰায়সংখ্যকেই ভেজাল দৰৱ । ৰাজ্যখনত কেনেদৰে ভেজাল দৰৱৰ ব্যাপক সৰবৰাহ হৈ আছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা উদাসীনতাৰ স্পষ্ট ছবিখন দেখুৱাবলৈ দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমে পূৰ্বৰে পৰাই চেষ্টা কৰি আহিছে ।'' এই মন্তব্য দুৰ্নীতিবিৰোধী যুৱ-শক্তিৰ ৷ 

স্বাস্থ্য বিভাগৰ ভেজাল দৰৱক লৈ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই মন্তব্য কৰে দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমে ৷ সংবাদমেলৰ জৰিয়তে দুৰ্নীতিবিৰোধী যুৱ-শক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে জানিবলৈ দিয়ে যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক অসমতে ভেজাল দৰৱৰ পয়োভৰ আটাইতকৈ বেছি । 

চলিত বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত ভেজাল দৰৱৰ সংখ্যা ৩২বিধ ৷ কিন্তু অসমত চলিত বৰ্ষত ভেজাল ঔষধৰ পৰিমাণ ৫৪বিধ । অৰ্থাৎ অসমত ভেজাল দৰৱৰ পয়োভৰ দেশৰ ভিতৰতেই সৰ্বাধিক বুলি তেওঁ সংবাদমেলত ব্যক্ত কৰে । 

কিছুদিন পূৰ্বে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এন এইচ এমৰ ভেজাল দৰৱ সংবাদ মাধ্যম আৰু একাংশ চৰকাৰক বেয়া পোৱা ব্যক্তিৰ প্ৰচাৰ আৰু এন এইচ এমৰ জৰিয়তে ৰাজ্যত কোনো কাৰণতে ভেজাল ঔষধ প্ৰদান কৰা হোৱা নাই বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিছিল । 

কিন্তু ভাৰত চৰকাৰৰ আঞ্চলিক ভেষজ পৰীক্ষণ কেন্দ্ৰ অৰ্থাৎ আৰ ডি টি এলে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে বিগত ২০১৭-১৮ বিত্তীয় বৰ্ষত এতিয়ালৈকে ৫৪বিধ দৰৱ ভেজাল আৰু খোৱাৰ অনুপযোগী বুলি জানিবলৈ দিয়ে বুলি ধৰ্মকান্ত গগৈয়ে জনায় । 

কিন্তু পৰিতাপৰ বিষয় যে ভেজাল দৰৱ যোগান ধৰা কোম্পানী আৰু যোগনিয়াৰক ৰাজ্যখনত প্ৰদান কৰা নহয় কোনো শাস্তি । কেৱল বিভাগীয় একাংশ নিম্নস্তৰৰ কৰ্মচাৰীৰ বদলিকৰণেৰে বিষয়টো গাপ দিবলৈ আপ্ৰাণ চেষ্টা কৰা হয় বুলিও সভাপতিগৰাকীয়ে অভিযোগ কৰে । 

অসম চৰকাৰৰ সৎ সাহসৰ অভাৱ নে কমিছনৰ অংকৰ বাবেই অসম চৰকাৰে বৰ্তমানলৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই সেয়া এক লক্ষণীয় বিষয় বুলিও সভাপতিগৰাকীয়ে মন্তব্য কৰে । 

সংবাদমেলখনৰ জৰিয়তে সভাপতি ধৰ্মকান্ত গগৈয়ে চৰকাৰী দৰৱৰ ওপৰত ভৰসা কৰা ৰাজ্যবাসীলৈ অনুৰোধ জনাই কয় যে এন এইচ এমৰ জৰিয়তে অসম চৰকাৰে প্ৰদান কৰা বিনামূলীয়া দৰৱ সেৱন কৰাৰ পূৰ্বে এশবাৰ চিন্তা কৰক । কাৰণ এই ভেজাল দৰৱে দৈনিক প্ৰসূতি আৰু নৱজাতকৰ লগতে বহুতৰ প্ৰাণ লৈ আছে । 

সেয়েহে এই সংবাদমেলৰ জৰিয়তে অসমৰ উদাসীন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ভেজাল দৰৱৰ ওপৰত শীঘ্ৰে ক্ষিপ্ৰ তদন্ত কৰিবলৈও দাবী জনায় ।

Your Comments